কামৰূপ , 26 মাৰ্চঃদেশজুৰি বলবৎ হৈ আছে লক ডাউন ৷ দুদিন আগলৈকে দেশ সেৱাত ব্যস্ত হৈ থকা প্ৰত্যেকজনেই এতিয়া নিজ নিজ বাসগৃহত আবদ্ধ ৷ মৰিশালিৰ নিস্তব্ধতা বিৰাজ কৰিছে সদাব্যস্ত দেশৰ প্ৰতিটো প্ৰান্তত ৷ ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰী ৷ আন সকলো প্ৰান্তৰ লগতে সম্পূৰ্ণ নিস্তব্ধ সদাব্যস্ত আমিনগাঁও ৷ দেশ তথা ৰাজ্যক কৰ’ণা ভাইৰাছৰ ৰোষৰ পৰা ৰক্ষা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা লক ডাউনৰ প্ৰতি সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে আমিনগাঁওবাসীয়ে ৷
পৰিবহণ বিষয়া গৌতম দাসৰ সজাগতা অভিযান - lockdown in amingaon
লকডাউনৰ প্ৰতি পূৰ্ণ সহযোগ আমিনগাঁওবাসীৰ ৷ আমিনগাঁওৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত পৰিবহণ বিষয়া গৌতম দাসৰ সজাগতা অভিযান ৷ প্ৰশাসন,আৰক্ষী,স্বাস্থ্যকৰ্মী আৰু সংবাদকৰ্মীসকলক হাত চাপৰিৰে উৎসাহিত কৰিলে পৰিবহন বিষয়াগৰাকীয়ে ৷
![পৰিবহণ বিষয়া গৌতম দাসৰ সজাগতা অভিযান awarness program on lockdown by gautam das in amingaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6545635-thumbnail-3x2-amingaon.jpg)
আমিনগাঁওৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত পৰিবহণ বিষয়া গৌতম দাসৰ সজাগতা অভিযান
আমিনগাঁওৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত পৰিবহণ বিষয়া গৌতম দাসৰ সজাগতা অভিযান
বৃহস্পতিবাৰে পুৱাই অঞ্চবাসীক লকডাউনৰ প্ৰতি সজাগ কৰিবলৈ গুৱাহাটীৰ দুৱাৰমুখ আমিনগাঁওৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত হয় কামৰূপ জিলা পৰিবহণ বিষয়া গৌতম দাস । প্ৰশাসন,আৰক্ষী,স্বাস্থ্যকৰ্মী আৰু সংবাদকৰ্মীসকলক সজাগ হৈ ৰাইজৰ বাবে কাম কৰিবলৈ আহ্বান জনায় বিষয়াগৰাকীয়ে ৷ লগতে এই জৰুৰী অৱস্থাত জনসাধাৰণ তথা সমাজৰ বাবে কাম কৰা সকলোকে হাত তালিৰে উৎসাহিত কৰে বিষয়াগৰাকীয়ে ৷
লগতে পঢ়কঃকৰ'ণাৰ সংক্ৰমণঃ বিশ্বৰ স্থিতি