অসম

assam

Awareness against Child Marriage: ৰঙিয়াত বাল্যবিবাহৰ বিৰুদ্ধে সজাগতা সমদল

By

Published : Feb 13, 2023, 4:25 PM IST

ৰঙিয়াত বাল্যবিবাহৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীয়ে উলিয়ালে সজাগতা সমদল (Child Marriage awareness)। হাতে হাতে বিভিন্ন বেনাৰ লৈ ছাত্র-ছাত্ৰীসকলে বাল্যবিবাহ বন্ধ কৰিবলৈ ৰাইজক আহ্বান জনায় ।

Awareness programme against Child Marriage
বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সমদল

বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সমদল

ৰঙিয়া, ১৩ ফেব্ৰুৱাৰী:ৰঙিয়াৰ ৰাজপথত বাল্যবিবাহৰ বিৰুদ্ধে সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ সজাগতা সমদল (Awareness programme against Child Marriage) । বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক সমৰ্থন জনাই সোমবাৰে ছাত্ৰ-ছাত্ৰীসকলে সজাগতা সমদল উলিয়ায় । কামৰূপ জিলাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান ৰঙিয়া মহাবিদ্যালয়ে উলিওৱা বিশাল সমদলৰে বাল্যবিবাহৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা হয় । ছাত্ৰ-ছাত্ৰী এইদৰে সমদল উলিয়াই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে (Child Marriage awareness in Rangia)।

হাতে-হাতে প্লে'কাৰ্ড আৰু ফেষ্টুন লৈ ছাত্ৰ-ছাত্ৰী সকলে বাল্যবিবাহৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি ৰাজপথ উত্তাল কৰি তোলে । এই সমদলত একাংশ ছাত্ৰ-ছাত্ৰীয়ে বাল্যবিবাহৰ দৰে জ্বলন্ত সামাজিক সমস্যাৰ বিৰুদ্ধে অভিনয়ৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ চেষ্টা কৰে । তদুপৰি সমদলত এচিড আক্ৰমণ, বিভিন্ন ধৰ্মীয় উৎসৱ, পৰিৱেশ সংৰক্ষণ, পৰম্পৰাগত খেল-ধেমালি, থলুৱা নৃত্য-গীত আৰু খাদ্য-সম্ভাৰ, জয়মতী আখ্যান, স্বাধীনতা আন্দোলন, বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত সাজ-পোচাক আদিৰ আৰ্হি প্ৰদৰ্শন কৰে ।

আনহাতে, উত্তৰ ৰঙিয়াৰ আন এখন শিক্ষানুষ্ঠানে সমাজত সজাগতা আনিবলৈ এনে এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰে । বাল্যবিবাহ প্ৰতিৰোধৰ লক্ষ্যৰে ৰঙিয়া তুলসীবাৰীৰ তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ (Awareness programme of Tulsibari Higher Secondary School) অধ্যক্ষা লিণু বৰদলৈৰ নেতৃত্বত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে এক সমদল উলিয়ায় । বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলে বিদ্যালয়খনৰ কাষতে থকা ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰে বিভিন্ন অঞ্চল প্ৰদৰ্শন কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে চেষ্টা চলায় ।

হাতে হাতে বিভিন্ন বেনাৰ লৈ ছাত্ৰ-ছাত্ৰী সকলে বাল্যবিবাহ বন্ধ কৰক, সমাজ সংস্কাৰ কৰক আদি শ্ল'গানেৰে আকাশ বতাহ কঁপাই তোলে । সমদলৰ অন্তত ছাত্ৰ-ছাত্ৰীসকলে তুলসীবাৰীৰ মূল বজাৰ অঞ্চলত এখন সজাগতাৰ বাণী সমৃদ্ধ বাটৰ নাট পৰিৱেশন কৰে (Street Play in Rangia)। নাটখনৰ যোগেদি ৰাইজক বাল্যবিবাহৰ বিৰুদ্ধে ইতিবাচক বাৰ্তা প্ৰদানৰ প্ৰয়াস কৰে ছাত্ৰ-ছাত্ৰীসকলে ।

লগতে পঢ়ক:Tension at Murkong Selek College: প্ৰৱক্তা নিযুক্তি পৰীক্ষাক লৈ মূৰ্কংচেলেক মহাবিদ্যালয়ত উত্তেজনাময় পৰিস্থিতি

ABOUT THE AUTHOR

...view details