ৰঙিয়া, 14 মে’: ৰঙিয়া প্ৰেছ ক্লাৱত 12 মে’ত অনুষ্ঠিত হৈ যায় এখন হৃদৰোগ সজাগতা সভা ৷ "বুকুৰ বিষ মানেই হৃদৰোগ নহয় ৷ কিন্তু হৃদৰোগৰ ফলত ষ্ট্ৰোক হ’ব পাৰে , আৰু ষ্ট্ৰোকৰ ফলত মানৱ জীৱনলৈ পেৰালাইচিছৰ দৰে অসুস্থতা আহিব পাৰে ৷ গতিকে যদিহে হৃদৰোগৰ লক্ষণ আছে , তেন্তে বিপদত পৰাৰ আগতেই পৰীক্ষা কৰি সঠিক উপায় গ্ৰহণ কৰা ভাল ।" শুক্ৰবাৰে দিনৰ ভাগত ৰঙিয়া প্ৰেছক্লাৱত অনুষ্ঠিত হৃদৰোগ বিষয়ক এক সজাগতা সভাত অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য কৰিলে হৃদৰোগ বিশেষজ্ঞ ডাঃ ঋতাংকুৰ বৰকটকীয়ে (Awareness Meeting of Heart Disease at Rangia) ৷
ৰঙিয়া প্ৰেছক্লাবৰ উপদেষ্টা তথা জেষ্ঠ সাংবাদিক প্ৰকাশ ডেকাই আঁতধৰা সভাখনত উপস্থিত ৰাইজৰ আগত চিকিৎসকগৰাকীয়ে হৃদৰোগৰ বিষয়ে বিস্তাৰিতভাৱে ব্যাখ্যা কৰে ৷ তেওঁ কয় যে হৃদৰোগৰ বহু প্ৰকাৰ তথা লক্ষণ আছে ৷ ব্যক্তি বিশেষে ৰোগীসকল বেলেগ বেলেগ হৃদৰোগত আক্ৰান্ত হ’ব পাৰে ৷ সেই ৰোগৰ ওপৰত নিৰ্ভৰ কৰিহে ৰোগ নিৰাময়ৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হয় (Awareness Meeting of Heart Disease in Rangia) ৷
তেওঁ হৃদৰোগৰ লক্ষণসমূহৰ বিষয়েও বৰ্ণনা কৰি কয় যে বিশেষকৈ বুকুৰ বিষ , উশাহ লওঁতে কষ্ট হোৱা , অকণমান কাম কৰাৰ পিচতেই খুব ভাগৰ লগা আৰু হঠাতে অজ্ঞান হৈ পৰা আদি হৃদৰোগৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে ৷ হৃদৰোগৰ বিভিন্ন লক্ষণ তথা প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসাৰ বাবে খাদ্যভ্যাস আৰু ব্যায়াম কৰিবলৈ চিকিৎসকে ৰোগীক পৰামৰ্শ দিয়ে ৷ কিছু কিছু ক্ষেত্ৰত ৰোগীৰ জীৱন ৰক্ষাৰ বাবে শৰীৰত পেচমেকাৰ সংস্থাপনৰ লগতে অস্ত্ৰোপচাৰৰো প্ৰয়োজনীয়তা আহি পৰে বুলি কয় চিকিৎসকগৰাকীয়ে (Awareness Meeting of Heart Disease) ৷
হৃদৰোগৰ পৰা বাচি থকাৰ বিষয়ে উল্লেখ কৰি চিকিৎসকগৰাকীয়ে কয় যে সুষম আহাৰ তথা যথেষ্ট পৰিমাণে শাক-পাচলি আৰু ফল-মূল শৰীৰৰ বাবে যথেষ্ট উপকাৰী ৷ লগতে খাদ্যত তেলৰ ব্যৱহাৰ সম্পৰ্কে উল্লেখ কৰি তেওঁ কয় যে বজাৰত উপলব্ধ বিভিন্ন ৰিফাইন তেলতকৈ ভাল সৰিয়হৰ তেল শৰীৰৰ বাবে যথেষ্ট উপকাৰী ৷ ইয়াৰ উপৰিও ৰোগত আক্ৰান্তসকলক চিকিৎসকে দিয়া পৰামৰ্শ অনুসৰি খাদ্যভ্যাস গঢ়ি তোলাৰ লগতে ব্যায়াম কৰিবলৈ পৰামৰ্শ আগবঢ়াই চিকিৎসকগৰাকীয়ে ৷ আনহাতে চিকিৎসকগৰাকীয়ে ইণ্টাৰনেটত বিভিন্ন অনভিজ্ঞ লোকে হৃদৰোগ সম্পৰ্কে কৰা ভুৱা প্ৰচাৰৰ পৰাও সাৱধানে থাকিবলৈ ৰাইজক আহ্বান জনায় ৷ সভাখনত প্ৰেছক্লাবৰ সদস্যসকলৰ লগতে অঞ্চলটোৰ বহুকেইজন লোকে অংশগ্ৰহণ কৰে (Rangia Press Club) ৷
লগতে পঢ়ক:Mothers Day: কামপুৰৰ চাংচকী শংকৰদেৱ শিশু নিকেতনত মাতৃ পূজন