অসম

assam

ETV Bharat / state

ড্ৰাগছৰ বিৰুদ্ধে ৰঙিয়া মহাবিদ্যালয়ত সজাগতা সভা - ৰাজ্যত অবাধে চলি আছে ড্ৰাগছৰ বেহা

ৰাজ্যত অবাধে চলি আছে ড্ৰাগছৰ বেহা(Drug trafficking in Assam) । ক্ৰমাৎ এই বৰবিহৰ কৱলত পৰিছে বহু যুৱক-যুৱতী । চৰকাৰেও এই ব্যাধিক ৰোধিবলৈ হাতত লৈছে বিভিন্ন কাৰ্য পন্থা । ইয়াৰ মাজতে ৰঙিয়াত ড্ৰাগছ বিৰুদ্ধে সজাগতা সভা আয়োজন কৰে ৰঙিয়া মহাবিদ্যালয়ত(Awareness against drugs) ।

awareness meeting against drugs in rangia
ৰঙিয়া মহাবিদ্যালয়ত অনুষ্ঠিত ড্ৰাগছৰ বিৰুদ্ধে এক সজাগতা সভা

By

Published : Jun 12, 2022, 7:32 PM IST

ৰঙিয়া,১২ জুন: ৰঙিয়া মহাবিদ্যালয়ত অনুষ্ঠিত হয় ড্ৰাগছৰ বিৰুদ্ধে এক সজাগতা সভা(Awareness against drugs) । ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র-ছাত্ৰী সমিতিৰ উদ‍্যোগত আৰু ৰঙিয়া সদৰ থানাৰ সহযোগত উক্ত সভাখনৰ আয়োজন কৰা হয় । সভাখনত মুখ্য অতিথি ৰূপে উপস্থিত থাকি এইডছৰ বিৰুদ্ধে অবিৰত যুদ্ধ অব্যাহত ৰখা জাহ্নবী গোস্বামীয়ে ছাত্র-ছাত্ৰী সকলৰ আগত ড্ৰাগছৰ ভয়াৱহতাৰ বিষয়ে আলোকপাত কৰে ।

ড্ৰাগছে কি দৰে প্ৰতিগৰাকী আসক্তৰ জীৱন ধ্বংস কৰে, কেনেদৰে আসক্ত ব‍্যক্তিজনৰ লগত জড়িত লোকসকলৰ জীৱনলৈ অন্ধকাৰ নমাই আনে এই বিষয়ে বহলাই কয় বিশিষ্ট সমাজ সেৱিকা গৰাকীয়ে । ড্ৰাগছৰ সেৱনৰ দ্বাৰা কেনেদৰে এজন ব‍্যক্তি নিচাৰ গৰাহত পৰে আৰু লগতে কেনেদৰে এইডছৰ দৰে ভয়ংকৰ ৰোগত আক্ৰান্ত হয় সেই বিষয়ে বিস্তাৰিতভাৱে ব্যাখ্যা কৰে জাহ্নবী গোস্বামীয়ে ।

ৰঙিয়া মহাবিদ্যালয়ত অনুষ্ঠিত ড্ৰাগছৰ বিৰুদ্ধে এক সজাগতা সভা

সভাখনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল কিছু পৰিমাণে হ'লেও উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে সমাজকৰ্মী গৰাকীয়ে । সভাখনত মহাবিদ্যালয়ৰ খনৰ অধ‍্যক্ষ ড৹ ব্ৰজেন্দ্ৰ শইকীয়া, ৰঙিয়াৰ মহকুমাধিপতি ৰাহুল জাভিৰ সুৰেশ, ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী, ৰঙিয়াৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকা, সমাজ কৰ্মী নৰেন শৰ্মা আৰু প্ৰাক্তন ছাত্ৰী গৌৰিপ্ৰভা মহন্তকে আদি কৰি অংশগ্ৰহণ কৰে মহাবিদ্যালয়খনৰ অধ‍্যাপক-অধ‍্যাপিকা সকলৰ লগতে ছাত্র ছাত্ৰী সকলে ।

লগতে পঢ়ক:বনভোজলৈ গৈ সন্ধানহীন ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত জোৱান

ABOUT THE AUTHOR

...view details