অসম

assam

ETV Bharat / state

দক্ষিণ কামৰূপত জাপানীজ এনকেফেলাইটিছৰ সজাগতা সভা

সংহাৰী জাপানীজ এনকেফেলাইটিছক ৰোধিবলৈ দক্ষিণ কামৰূপত সজাগতা সভা ৷ স্বেচ্ছাসেৱী সংগঠন সমন্বয় সুৰক্ষা মঞ্চৰ উদ্যোগত আৰু লোহাৰঘাট ৰাজ্যিক পশু চিকিৎসালয়ৰ সহযোগত আয়োজন কৰা হয় এই সভাৰ ৷

By

Published : Jul 9, 2019, 8:04 PM IST

জাপানীজ এনকেফেলাইটিছৰ সজাগতা সভা

দক্ষিণ কামৰূপ, 9 জুলাই : ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিজে । এনকেফেলাইটিছত আক্ৰান্ত হৈ ৰাজ্যত অৰ্ধশতাধিক লোকে মৃত্যুমুখত পৰাৰ সমান্তৰালকৈ বৰ্তমানেও চিকিৎসাধীন হৈ আছে বহু লোক । পুনৰ যাতে এই ৰোগ অধিক বৃদ্ধি নাপায় তাক লৈ দক্ষিণ কামৰূপৰ ভিন্ন ঠাইত অনুষ্ঠিত কৰা হয় সজাগতা সভাৰ । পলাশবাৰী বিধানসভা সমষ্টিৰ বৰদুৱাৰ বাগান,পলাশবাৰী বজাৰাপাৰাত অনুষ্ঠিত কৰা হয় সজাগতা সভাৰ ।

জাপানীজ এনকেফেলাইটিছৰ সজাগতা সভা

স্বেচ্ছাসেৱী সংগঠন সমন্বয় সুৰক্ষা মঞ্চৰ উদ্যোগত আৰু লোহাৰঘাট ৰাজ্যিক পশু চিকিৎসালয়ৰ সহযোগত বৰদুৱাৰ বাগানত আৰু বজাৰাপাৰাত গাঁও স্বাস্থ্য আৰু অনাময় সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় সজাগতা সভাৰ । সভাত অঞ্চলবাসী ৰাইজক বাৰিষাৰ সময়চোৱাত সকলোকে সাৱধানে চলিব দিয়াৰ লগতে এই ৰোগসমূহ প্ৰতিৰোধৰ বাবে ল'বলগীয়া ব্যৱস্থাসমূহ আলোচনা কৰা হয় । এই সজাগতা সভাত বিশিষ্ট পশু চিকিৎসক ডাঃ চন্দন কুমাৰ শৰণীয়া উপস্থিত থাকি ৰোগ সংক্ৰমিত হ'ব পৰা বাহকসমূহ উল্লেখ কৰে ।

ABOUT THE AUTHOR

...view details