মিৰ্জা, ৩০ নৱেম্বৰ: ছত্তিশগড়ৰ ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত শুকুৰবাৰে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চতুৰ্থখন আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচ অনুষ্ঠিত হ’ব । চতুৰ্থ টি-২০ খেলৰ বাবে ইতিমধ্যে ৰায়পুৰত উপস্থিত হৈছে ভাৰতীয় ক্ৰিকেট দল । ৫খন খেলৰ শৃংখলাত ইতিমধ্যে ভাৰতে ২-১ ত অগ্ৰগতি লাভ কৰি আছে ৷ প্ৰথম দুখন খেলত জয়লাভ কৰাৰ পাচত মঙলবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয়খন খেলত ভাৰতে ৫ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় । ইয়াৰ পাচত বুধবাৰে বিয়লি গুৱাহাটীৰ পৰা ৰায়পুৰলৈ ৰাওনা হয় ভাৰত আৰু অষ্ট্ৰেলিয়াৰ টি-২০ ৰ ক্ৰিকেট দল দুটা ।
দুয়োটা দলে বিশেষ বিমানযোগে একেলগে ৰায়পুৰলৈ বুলি ৰাওনা হয় । বিমান বন্দৰত দুয়োটি দলৰ ক্ৰিকেটাৰসকলক চাবলৈ ভিৰ কৰে অনুৰাগীসকলে । অষ্ট্ৰেলিয়াই গুৱাহাটীত অনুষ্ঠিত হোৱা খেলখনত বিজয়ী হৈ শৃংখলা দখলৰ আশা পুহি ৰাখিছে যদিও ইয়াৰ বাবে শুকুৰবাৰে ৰায়পুৰত অনুষ্ঠিত হ’বলগা খেলখনত দলটো বিজয়ী হ’ব লাগিব । আনহাতে ভাৰতীয় দলে শৃংখলা জয়ৰ উদ্দেশ্যেৰে এই মেচখনত অৱৰ্তীণ হ’ব । উল্লেখ্য যে, চতুৰ্থ টি-২০ মেচৰ পূৰ্বে ২০২৩ৰ বিশ্বকাপৰ দলত থকা সোঁহতীয়া বেটছমেন শ্ৰেয়স আয়াৰে প্ৰত্যাৱৰ্তন কৰাৰ ওপৰি বিবাহপাশত আৱদ্ধ হোৱা বেগী বলাৰ মুকেশ কুমাৰেও দলটোত যোগদান কৰিব ।
শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ পৰিসংখ্যা: