অসম

assam

ETV Bharat / state

ৰাজ্যৰ কৃষি খণ্ডক ত্বৰান্বিত কৰিবলৈ বিশেষ ব্যৱস্থা মন্ত্ৰী অতুল বৰাৰ - গোৱালপাৰা আৰু কামৰূপ জিলাৰ কৃষকক লৈ কাহিকুছিৰ কৃষি গৱেষণা কেন্দ্ৰত আলোচনা সভা মন্ত্ৰী অতুল বৰাৰ

গোৱালপাৰা আৰু কামৰূপ জিলাৰ কৃষকক লৈ কাহিকুছিৰ কৃষি গৱেষণা কেন্দ্ৰত আলোচনা সভা মন্ত্ৰী অতুল বৰাৰ ৷ কৃষকৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লৈছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

কৃষি বিষয়ক সজাগতা সভা মন্ত্ৰী অতুল বৰাৰ

By

Published : Nov 5, 2019, 9:57 PM IST

দক্ষিণ কামৰূপ, 5 নৱেম্বৰঃ গোৱালপাৰা আৰু কামৰূপ জিলাৰ কৃষকক লৈ কাহিকুছিৰ কৃষি গৱেষণা কেন্দ্ৰত আলোচনা সভা মন্ত্ৰী অতুল বৰাৰ ৷ কৃষক সকলক কৃষিৰ দ্বাৰা কেনেকৈ দুগুন লাভান্বিত হ'ব পাৰি তাৰ উদ্দেশ্যে দুয়োখন জিলাৰ কৃষকক লৈ আয়োজন কৰা হয় এই আলোচনা সভাৰ ৷ লগতে তেওঁ বিভিন্ন ধৰণৰ কৃষিৰ লগতে জালুক আৰু হালধিৰ খেতিৰ ক্ষেত্ৰত ৰাজ্যত অধিক সম্ভাৱনা আছে বুলিও মন্তব্য প্ৰদান কৰে ৷

কৃষি বিষয়ক সজাগতা সভা মন্ত্ৰী অতুল বৰাৰ

ইয়াৰোপৰি2022 চনৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ কৃষকৰ উপাৰ্জন দুগুন কৰাৰ লক্ষ্য হাতত লোৱাৰ কথা সোঁৱৰাই ৰাজ্য চৰকাৰেও কৃষকৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লৈছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে কৃষকসকলক বিভিন্ন ৰাজসাহায্যৰ ঋণ দিয়াৰ লগতে পাৱাৰটিলাৰ তথা পাম্পকে আদি কৰি বিভিন্ন কৃষিৰ লগত জড়িত সামগ্ৰী বিতৰণ কৰি কৃষকক সহায় কৰি থকা হৈছে বুলি জনাই মন্ত্ৰী অতুল বৰাই ৷ উক্ত সভাখনত কেইবাগৰাকীও কৃষি বিজ্ঞানীৰ লগতে চৰকাৰী বিষয়াও উপস্থিত থাকে ৷

আৰু পঢ়কঃ কলিয়াবৰত "কিং কোব্ৰা" উদ্ধাৰৰ শিহৰণকাৰী অভিযান

For All Latest Updates

ABOUT THE AUTHOR

...view details