অসম

assam

ETV Bharat / state

কৃষকক পাৱাৰ টিলাৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিলে কৃষিমন্ত্ৰীয়ে

ক'ভিড সৃষ্ট পৰিৱেশৰ মাজতে কৃষকসকলক কিছু হ'লেও সকাহ দিয়াৰ উদ্দেশ্যে আৱন্টিত চৰকাৰী আঁচনিৰ ধনেৰে ক্ৰয় কৰা পাৱাৰ টিলাৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কৃষি মন্ত্ৰী অতুল বৰাই ৷ সোমবাৰে চাংসাৰীত উপস্থিত হৈ শুভাৰম্ভ কাৰ্যসূচীত অংগ্ৰহণ কৰি ৰাজ্যৰ বিভিন্ন জিলালৈ পাৱাৰ টিলাৰ সমূহ প্ৰেৰণ কৰে ৷

Atul Bara distributed tractors for farmers
কৃষকসকলৰ বাবে ট্ৰেক্টৰ বিতৰণ কৰিলে অতুল বৰাই

By

Published : May 25, 2021, 10:01 PM IST

বাইহাটা, 25 মে': সোমবাৰে ৰাজ্যৰ কৃষকসকলৰ বাবে আৱন্টিত চৰকাৰী আঁচনিৰ ধনেৰে ক্ৰয় কৰা পাৱাৰ টিলাৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কৃষি মন্ত্ৰী অতুল বৰাই ৷ পাৱাৰ টিলাৰ বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰাৰ বাবে কৃষিমন্ত্ৰী গৰাকী সোমবাৰে উপস্থিত হয় চাংসাৰীত ৷

কৃষকক পাৱাৰ টিলাৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিলে কৃষিমন্ত্ৰীয়ে

চাংসাৰীত উপস্থিত হৈ শুভাৰম্ভ কাৰ্যসূচীত অংগ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে চাংসাৰী ৰে'ল ষ্টেচনৰ পৰা ৰাজ্যৰ বিভিন্ন জিলালৈ পাৱাৰ টিলাৰ সমূহ প্ৰেৰণ কৰে ৷ ক'ভিড সৃষ্ট পৰিৱেশৰ মাজত যাতে কৃষকসকলে কিছু হ'লেও সকাহ পায় সেই উদ্দেশ্যে অতি ক্ষীপ্ৰতাৰে বিতৰণ কৰে এই পাৱাৰ টিলাৰ সমূহ।

কৃষি উৎপাদন আয়ুক্ত ৰাজেশ প্ৰসাদ, ত্ৰিৰংগ ভাৰতী বৰা উপস্থিত থকা এই শুভাৰম্ভ কাৰ্যসূচীতে মন্ত্ৰী গৰাকীয়ে কৃষকৰ উৎপাদিত ফচলৰ বিক্ৰীৰ ক্ষেত্ৰত হোৱা সমস্যা দূৰ কৰাৰ বাবে অচিৰেই হেল্প লাইন মুকলি কৰিব বুলি ঘোষণা কৰে ৷

লগতে পঢ়ক:এসপ্তাহত 18 টা ড্ৰাগছ বিৰোধী অভিযান আনন্দ মিশ্ৰৰ

ABOUT THE AUTHOR

...view details