অসম

assam

By

Published : Jan 27, 2021, 7:13 AM IST

Updated : Jan 27, 2021, 7:38 AM IST

ETV Bharat / state

ব্যতিক্ৰমী ধৰণেৰে গণৰাজ্য দিৱস পালন এটলাচ মটৰ ৰাইডাৰ্ছ দলৰ

গুৱাহাটীৰ এটলাচ মটৰ ৰাইডাৰ্ছ গ্ৰুপৰ কিছু যুৱকে ব্যতিক্ৰমী ধৰণে পালন কৰিলে 'গণৰাজ্য দিৱস' ৷ বকোৰ মা পাৰ্ব্বতী পাহাৰত সূৰ্যোদয়ৰ নান্দনিক দৃশ্য উপভোগ কৰাৰ লগতে তেওঁলোকে মিঃ ইউনিভাৰ্ছ খিতাপ দখল কৰা বকোৰ শৰীৰচৰ্চাবিদ গোলাপ ৰাভাৰ 'মাই জিম' অনুশীলন কেন্দ্ৰত পালন কৰে গণৰাজ্য দিৱস ৷

republic day
republic day

বকো,27 জানুৱাৰী : সমগ্ৰ ভাৰতবৰ্ষতে পালন কৰা হৈছে ৭২ তম গণৰাজ্য দিৱস। ক’ৰণা মহামাৰীৰ বাবে চৰকাৰে বান্ধি দিয়া নীতি-নিয়ম মানি প্ৰশাসন, বিদ্যালয়, কলেজ, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে নিজৰ নিজৰ চৌহদতে পালন কৰিলে গণৰাজ্য দিৱস । তাৰ মাজতে এচাম যুৱকে গণৰাজ্য দিৱস উদযাপন কৰিলে কিছু ব্যতিক্ৰমী চিন্তা ধাৰাৰে ।

গুৱাহাটীৰ এটলাচ মটৰ ৰাইডাৰ্ছ দলৰ কিছু যুৱকে 'গণৰাজ্য দিৱস' কংক্ৰিটৰ চহৰত পালন নকৰি পুৱতি নিশা প্ৰায় ২ বজাত গুৱাহাটীৰ পৰা আহি উপস্থিত হয় সূৰ্যোদয়ৰ মনোমোহা দৃশ্যৰ বাবে বৰ্তমান অসমত জনাজাত হৈ পৰা বকোৰ মা পাৰ্ব্বতী পাহাৰত । এই স্থানত উপস্থিত হৈ সূৰ্যোদয়ৰ মনোমোহা দৃশ্য উপভোগ কৰি মিঃ ইউনিভাৰ্ছ খিতাপ দখল কৰা বকোৰ শৰীৰচৰ্চাবিদ গোলাপ ৰাভাৰ 'মাই জিম' অনুশীলন কেন্দ্ৰত উপস্থিত হ’ল বাইক ৰাইডাৰ্ছ দলটো ৷ সকলোৱে মিলি মিঃ ইউনিভাৰ্ছ গোলাপ ৰাভাৰ সৈতে উদযাপন কৰিলে গণৰাজ্য দিৱস ।

ব্যতিক্ৰমী ধৰণেৰে গণৰাজ্য দিৱস পালন এটলাচ মটৰ ৰাইডাৰ্ছ দলৰ

পতাকা উত্তোলনৰ লগতে শৰীৰচৰ্চাবিদ গোপাল ৰাভাক সম্বৰ্ধনা জনায় দলটোৱে ৷ সূৰ্যোদয়ৰ মনোমোহা দৃশ্য উপভোগ কৰি অভিভূত হৈ পৰা বুলি জানিবলৈ দিয়ে দলটোৰ এগৰাকী সদস্যই ৷ তেওঁ কয় যে, সূৰ্যোদয়ৰ মনোমোহা দৃশ্যৰাজি উপভোগ কৰিবলৈ প্ৰায়েই মানুহ দাৰ্জিলিঙলৈ যায় ৷ কিন্তু ইমান দূৰলৈ নগৈ বকোতেই এনে নান্দনিক দৃশ্য উপভোগ কৰিব পাৰে সকলোৱে ৷

লগতে পঢ়ক :জনিয়াত 100 ফুট দৈৰ্ঘৰ পতাকাৰে সাংস্কৃতিক শোভাযাত্ৰা

Last Updated : Jan 27, 2021, 7:38 AM IST

ABOUT THE AUTHOR

...view details