আজাৰা, 29 জুনঃলক ডাউনৰ পৰিপ্ৰেক্ষিতত মহানগৰী অথবা অন্য জিলাৰ কোনো লোকে যদি বিমান অথবা ৰে'লযোগে আন ঠাইলৈ যাবলগীয়া হয়, তেন্তে সেই বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি পৰিবহণ বিভাগে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা ৷ কামৰূপ জিলাৰ 22 খন আৰক্ষী চকীত ইতিমধ্যে বিভাগটোৱে প্ৰদান কৰিছে একোখনকৈ এ.এছ.টি.চি বাছ ৷ যাৰ জৰিয়তে পূৰ্বৰ পৰাই ৰে'ল আৰু বিমানৰ টিকট বুকিং কৰি থোৱা যাত্ৰী সকলে নিকটবৰ্তী আৰক্ষীৰ লগত যোগাযোগ কৰি সেই সেৱা গ্ৰহণ কৰিব পাৰিব ৷
বিমান অথবা ৰে'লযাত্ৰীৰ বাবে পৰিবহণ বিভাগৰ বিশেষ ব্যৱস্থা - সংবাদ মাধ্যম
বিমান অথবা ৰে'লযাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যিক পৰিবহণ বিভাগে ৷ কামৰূপ জিলাৰ 22 খন আৰক্ষী চকীত ইতিমধ্যে বিভাগটোৱে প্ৰদান কৰিছে একোখনকৈ এ.এছ.টি.চি বাছ ৷ যাৰ জৰিয়তে যাত্ৰীসকলে সুকলমে নিজ নিজ গৃহ বা গন্তব্য স্থানলৈ যাব পাৰিব ৷
ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত এই সেৱাৰ লগত জড়িত লিংক আৰু হোৱাছ্এপ নম্বৰ প্ৰদান কৰা হৈছে ৷ ৰে'ল আৰু বিমান যাত্ৰী সকলৰ যাতে এই লক্ ডাউনৰ বাবে কোনো ধৰণৰ অসুবিধা নহয়, তেওঁলোক যাতে সুকলমে নিজ-নিজ গৃহ বা গন্তব্য স্থানলৈ যাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এনে সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিবহণ বিভাগে ৷ ইতিমধ্যেই বহিঃৰাজ্যৰ পৰা অহা 1 লক্ষাধিক লোকক বিভাগীয় কৰ্তৃপক্ষই এই সেৱাযোগে ভিন্ন জিলাৰ কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে ৷
লগতে পঢ়কঃহাইলাকান্দিত চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ