শদিয়া, 2 জুলাইঃ বৃহস্পতিবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া আৰু ৰঙিয়াতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷ শেহতীয়কৈ কেবিনেটত গ্ৰহণ কৰা ভূমি নীতি বাতিলৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিলে সংগঠনটোৱে ৷ আছুৰ কাকপথাৰ আঞ্চলিক সমিতিৰ সদস্য সকলে বৃহস্পতিবাৰে ভূমি নীতিৰ অধ্যাদেশৰ প্ৰতিলিপি দাহ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ ৷
ভূমি নীতি বাতিলৰ দাবীৰে ৰঙিয়া আৰু কাকপথাৰত আছুৰ প্ৰতিবাদ - assu protest in kakopathar
বৃহস্পতিবাৰে তিনিচুকীয়াত আছুৰ কাকপথাৰ আঞ্চলিক সমিতিৰ সদস্য আৰু ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য সকলে, ভূমি নীতি বাতিলৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷
assu protest in kakopathar and rangia
ৰঙিয়াঃ অসম চৰকাৰৰ কেবিনেটে খিলঞ্জীয়া লোকক বন্ধকত থৈ অসমৰ ভূমি বিক্ৰী কৰাৰ পৰিকল্পনা লৈছে বুলি দোষাৰোপ কৰে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য সকলে ৷ এই বিষয়ক সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা প্ৰদান কৰিছে বুলি উল্লেখ কৰে তেওঁলোকে ৷ সংগঠনটোৰ দাবী অতি শীঘ্ৰেই অসম চৰকাৰে এই ভূমি নীতি বাতিল কৰিব লাগে ৷
লগতে পঢ়কঃগোলাঘাটত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ