গুৱাহাটী , 11 জানুৱাৰী :সমগ্ৰ দেশতে নাগৰিকত্ব সংশোধনী আইন বলবৎ হোৱাৰ পিছতে ৰাজ্যত অব্যাহত আছে এই আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ৷ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত মহানগৰীৰ শ্বহীদ ন্যাসৰ পৰা চান্দমাৰীলৈ বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰা হয় ।
CAA বিৰোধিতাৰে মহানগৰীত আছুৰ বৃহৎ প্ৰতিবাদী সমদল - ASSU protest against CAA at guwahati
নাগৰিকত্ব সংশোধনী আইনক বাতিলক লৈ সদৌ অসম ছাত্ৰ সন্থাই শনিবাৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ছাত্ৰ সন্থাৰ নেতৃত্বত শ্বহীদ ন্যাসৰ পৰা চান্দমাৰীলৈ বৃহৎ প্ৰতিবাদী জোঁৰ সমদল ৷
আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত চৰকাৰ বিৰোধী শ্ল'গান আৰু নাগৰিকত্ব সংশোধনী আইন কেতিয়াও মানি লোৱা নহ'ব ধ্বনিৰে উত্তাল কৰি তোলে মহানগৰীৰ ৰাজপথ ৷ আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ স্পষ্ট মত এই আইন বলবৎ হ'লেও কেতিয়াও মানি নলয় অসমৰ ৰাইজে । অসমত অহিংস প্ৰতিবাদ চলি যোৱাৰ লগতে অসমৰ ৰাইজক ভাগি নপৰিবলৈ আহ্বান সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ । পৰৱৰ্তী পৰ্যায়ত নিৰবিছিন্ন গণতান্ত্ৰিক আন্দোলন চলি থাকিব বুলিও মত প্ৰকাশ কৰে ভট্টাচাৰ্যই ।
আৰু পঢ়ক :মুণ্ডন কাৰ্যসূচীৰে CAAৰ বিৰোধিতাৰে মহিলাৰ প্ৰতিবাদ