অসম

assam

ETV Bharat / state

অসমত কিমান দূৰ ফলপ্ৰসু হৈছে অনলাইন শিক্ষা ব্যৱস্থা - online education system in Assam during lockdown

ৰাজ্যৰ সহস্ৰাধিক গাঁৱত নাই ইণ্টাৰনেটৰ সেৱা । ইয়াৰে বহুতেই নাজানে ইণ্টাৰনেটৰ ব্যৱহাৰ । তদুপৰি কৰ'ণাকালীন পৰিস্থিতিত শিশু সন্তানক অনলাইন ক্লাছ কৰাব পৰাকৈ বহু অভিভাৱকসকল ডিজিটেলী শিক্ষিত নহয় ৷ গ্ৰামাঞ্চলত অসাৰ অনলাইন শিক্ষা ব্যৱস্থা আৰু অধিকাংশ লোকৰে নাই স্মাৰ্ট ফোন । সেয়ে ৰাজ্যৰ নিয়মীয়া শিক্ষা ব্যৱস্থাত স্থবিৰতাই দেখা দিছে ৷

assan-online-education-system-etv-bharat-assam news
অসমত কিমান দূৰ ফলপ্ৰসু হৈছে অনলাইন শিক্ষা ব্যৱস্থা

By

Published : Jun 13, 2021, 8:41 AM IST

গুৱাহাটী, 13 জুন : কৰ'ণা মহামাৰীৰ বাবে ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে শিক্ষা ব্যৱস্থা(Education system)টো । দীৰ্ঘসময় ধৰি শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাত গোটেই শিক্ষা ব্যৱস্থাটো অনলাইন মাধ্যমত সীমিত হৈ পৰিছে । প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত সকলো ছাত্ৰ-ছাত্ৰীয়ে অনলাইন মাধ্যমত শিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছে । আনকি পৰীক্ষাও অনলাইন পদ্ধতিত হৈছে । পৰিস্থিতিৰ তাগিদাত অনলাইন মাধ্যমেৰে শিক্ষা ব্যৱস্থা(Education system)টো আগুৱাই নিয়া হৈছে যদিও প্ৰকৃততে সকলো ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ সুবিধা গ্ৰহণ কৰিব পাৰিছে জানো !

অসমত কিমান দূৰ ফলপ্ৰসু হৈছে অনলাইন শিক্ষা ব্যৱস্থা

এইখিনিতে প্ৰশ্ন হয় যে ৰাজ্যত সকলো শিক্ষাৰ্থীৰে উপযুক্ত সুবিধাসম্পন্ন ম'বাইল ফোন আছে জানো নাইবা ৰাজ্যত উপযুক্ত স্পীডৰ ইণ্টাৰনেট সেৱা উপলব্ধ হয় জানো ! কাৰোবাৰ হাতত যদি স্মাৰ্ট ফোন(Smart Phone) নাই, আন কোনো ঠাইত আকৌ ইণ্টাৰনেটৰ উপযুক্ত সুবিধা নাই । তদুপৰি শিশু সন্তানক অনলাইন ক্লাছ কৰাব পৰাকৈ বহু অভিভাৱকসকল ডিজিটেলী শিক্ষিত নহয় । আনহাতে কৰ'ণাকালীন এই অভাৱনীয় পৰিস্থিতিত নিজৰ সন্তানক স্মাৰ্ট ফোন(Smart Phone) নাইবা ইণ্টাৰনেটৰ সুবিধা দিব পৰাৰ ক্ষমতা বহু অভিভাৱকৰেই নাই ।

অসমত কিমান দূৰ ফলপ্ৰসু হৈছে অনলাইন শিক্ষা ব্যৱস্থা

এনে পৰিস্থিতিত দীৰ্ঘদিন ধৰি শিক্ষানুষ্ঠানৰ পৰা আঁতৰত থকা শিক্ষাৰ্থীসকলৰ শৈক্ষিক দিশত ব্যাপক ক্ষতি হৈছে । লক্ষণীয় বিষয় যে বৰ্তমান সময়ত ৰাজ্যৰ ১,২৩১ খন গাঁৱত নাই ইণ্টাৰনেট সেৱা । দেশৰ ৫৫ হাজাৰ ইণ্টাৰনেট সংযোগবিহীন গাঁৱৰ তালিকাত অসমৰো সহস্ৰাধিক গাঁও অন্তৰ্ভুক্ত হৈ আছে । আনহাতে, তথ্য অনুসৰি অসমত ম'বাইল(Mobile)ৰ ঘনত্ব দেশৰ ভিতৰতে কম । দেশৰ ৰাজ্যসমূহত প্ৰতি এশজন লোকৰ ভিতৰত গড়ে ৮৭ জনে ব্যৱহাৰ কৰে ম'বাইল(Mobile) । অসমত এই সংখ্যা ৬৮ । এই পৰিসংখ্যা কেৱল ম'বাইল(Mobile) ব্যৱহাৰৰ । ইয়াৰে অধিকাংশই ব্যৱহাৰ নকৰে ইণ্টাৰনেটৰ ব্যৱহাৰৰ সুবিধা থকা স্মাৰ্টফোন ।

অসমত কিমান দূৰ ফলপ্ৰসু হৈছে অনলাইন শিক্ষা ব্যৱস্থা

এক সমীক্ষাত প্ৰকাশ পোৱা তথ্য মতে অসমৰ ৪৩ শতাংশ পুৰুষে ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ বিপৰীতে ২৯ শতাংশ মহিলাই ব্যৱহাৰ কৰে ইণ্টাৰনেট সেৱা । আনহাতে ইণ্টাৰনেট ব্যৱহাৰৰ ক্ষেত্ৰত গাঁও আৰু চহৰৰ মাজত যথেষ্ট পাৰ্থক্য আছে। অসমৰ চহৰ অঞ্চলত ইণ্টাৰনেট ব্যৱহাৰ কৰা পুৰুষৰ হাৰ ৬৭.৪ শতাংশ হোৱাৰ বিপৰীতে গ্ৰামাঞ্চলত ৩৯ শতাংশ । আনহাতে অসমৰ চহৰ অঞ্চলত ৪৯ শতাংশ আৰু গ্ৰামাঞ্চলত ২৪.৪ শতাংশ মহিলাই ইণ্টাৰনেট ব্যৱহাৰ কৰে । গ্ৰামাঞ্চলত ইণ্টাৰনেটৰ ব্যৱহাৰ যথেষ্ট কম ।

অসমত কিমান দূৰ ফলপ্ৰসু হৈছে অনলাইন শিক্ষা ব্যৱস্থা

উল্লেখ্য যে, এই পৰিসংখ্যা নিয়মীয়া ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ নহয় । ইয়াৰ দ্বাৰা সহজতে অনুমান কৰিব পাৰি যে অনলাইন শিক্ষা ব্যৱস্থা অসমত কি দৰে চলি আছে তথা অনলাইন শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকল কি পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে । অনলাইন শিক্ষা ব্যৱস্থাৰ লগত বহু কথাই জড়িত হৈ থাকে । কেৱল স্মাৰ্টফোন থাকিলেই নাইবা ইণ্টাৰনেট ব্যৱহাৰ কৰিব জনাটোৱেই অনলাইন শিক্ষা(Online Education)ৰ বাবে পৰ্যাপ্ত নহয় । ভাল স্পীডৰ ইণ্টাৰনেট সুবিধাও লাগিব । 'ট্ৰায়'(TRAI)ৰ তথ্য মতে অসমত এয়াৰটেলৰ ডাউনলোড স্পীড(AIRTEL download speed) ৪.৪ এম বি পি এছ আৰু আপলোড স্পীড(Upload Speed) ৭.৬ এম বি পি এছ ।

অসমত কিমান দূৰ ফলপ্ৰসু হৈছে অনলাইন শিক্ষা ব্যৱস্থা

সেইদৰে ৰিলায়েঞ্চ জিঅ'ৰ ডাউনলোড স্পীড(JIO download speed) ৪.৯ এম বি পি এছ আৰু আপলোড স্পীড(Upload Speed) ২.৬ এম বি পি এছ । সামগ্ৰিকভাৱে ক'বলৈ গ'লে অসমত নামতেহে অনলাইন শিক্ষা ব্যৱস্থা চলি আছে । গুৱাহাটী মহানগৰীৰ কথা কিছু সুকীয়া যদিও ৰাজ্যৰ গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীসকল বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে । কৰ'ণাকালীন পৰিস্থিতিৰ বাবে কাৰ্যতঃ বিগত বৰ্ষৰ পৰাই ৰাজ্যৰ নিয়মীয়া শিক্ষা ব্যৱস্থাত স্থবিৰতাই দেখা দিছে । ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক জীৱনত এই কৰ'ণাকালীন পৰিস্থিতিয়ে বেয়াকৈ প্ৰভাৱ পেলাইছে ।

লগতে পঢ়ক : গুৱাহাটীৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত স্বাস্থ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক

ABOUT THE AUTHOR

...view details