অসম

assam

ETV Bharat / state

বিশ্বৰ চতুৰ্থতম ওখ শৃংগত উৰিল অসমীয়াৰ স্বাভীমান 'গামোচা'

প্ৰায় 6 হাজাৰ মিতাৰ উচ্চতা আৰু 20 হাজাৰ ফুট উচ্চতাৰ এই শৃংগ বগাই অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে পৰ্বত আৰোহি চন্দন আৰু শশীয়ে ৷

বিশ্বৰ চতুৰ্থতম ওখ শৃংগত দুই অসম সন্তানে উৰুৱালে অসমৰ ফুলাম গামোচা

By

Published : Jun 1, 2019, 12:35 PM IST


কামৰূপ , 01 জুন: বিশ্বৰ চতুৰ্থতম ওখ শৃংগ আফ্ৰিকাৰ মাউন্ট কিলিমানজাৰোত অসমৰ পৰ্বত আৰোহিৰ দলে উৰুৱালে অসমীয়া গামোচা ৷ কঠোৰ প্ৰত্যাহ্বান আৰু কঠোৰ পৰিশ্ৰমৰ মাজেৰে গৈ উত্তৰ গুৱাহাটীৰ দুই পৰ্বত আৰোহি চন্দন দাস আৰু শশী প্ৰকাশ ৰায়ে মাউন্ট কিলিমানজাৰোত আৰোহণ কৰি অসমীয়াৰ ধ্বজা-অসমীয়া গামোচা উৰুৱাই ৷

বিশ্বৰ চতুৰ্থতম ওখ শৃংগত দুই অসম সন্তানে উৰুৱালে অসমৰ ফুলাম গামোচা

প্ৰায় 6 হাজাৰ মিতাৰ উচ্চতা আৰু 20 হাজাৰ ফুট উচ্চতাৰ এই শৃংগ বগাই অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে পৰ্বত আৰোহি চন্দন আৰু শশীয়ে ৷ মাইনাচ 20 ডিগ্ৰী চেলচিয়াছ প্ৰতিকূল বতৰৰ তুষাৰ পাত বাধাকো নেওচি দুই অসম সন্তান কিলিমানজাৰো শৃংগৰ উচ্চ শিখৰত উপস্থিত হয় ৷ অসম সন্তানদ্বয়ৰ এনে সাফল্যত উৎফুল্লিত হৈ পৰিছে উত্তৰ গুৱাহাটীবাসী ৷ উল্লেখ্য যে বিশ্বৰ চতুৰ্থ ওখ শৃংগ মাউন্ট কিলিমানজাৰোত আৰোহণ কৰা এই দলটো প্ৰথম অসমীয়া পৰ্বত আৰোহণকাৰী দল ৷ আফ্ৰিকাৰ পৰাই হাতত অসমীয়া গামোচা লৈ দুই পৰ্বত আৰোহিয়ে কলে তেওঁলোকৰ মনৰ কথা ৷

ABOUT THE AUTHOR

...view details