অসম

assam

By

Published : May 30, 2021, 11:24 AM IST

ETV Bharat / state

অসমীয়া চলচ্চিত্ৰ দিঠকত হেৰাল সপোনলৈ আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ

আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ আঁজুৰি আনিবলৈ সক্ষম হৈছে অসমীয়া চলচ্চিত্ৰ দিঠকত হেৰাল সপোনে । 'মাকন প্ৰিয়া প্ৰডাকচন'ৰ বেনাৰত অজিত বৰ্মনে প্ৰযোজনা কৰা 'দিঠকত হেৰাল সপোন' ছবিখনে লাভ কৰিছে এক আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ ।

award
দিঠকত হেৰাল সপোন

ৰঙিয়া,৩০ মে': আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ আঁজুৰি আনিবলৈ সক্ষম হৈছে অসমীয়া চলচ্চিত্ৰ 'দিঠকত হেৰাল সপোন' । অভিনেতা পৰিচালক পংকজ পল্লৱ শৰ্মাই আন এক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে চলচ্চিত্ৰখনৰ জৰিয়তে । 'মাকন প্ৰিয়া প্ৰডাকচন'ৰ বেনাৰত অজিত বৰ্মনে প্ৰযোজনা কৰা 'দিঠকত হেৰাল সপোন' কথা ছবিখনে লাভ কৰিছে এক আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ ।

অসমীয়া চলচ্চিত্ৰ দিঠকত হেৰাল সপোনলৈ আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ

টেগুৰ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলৰ নেৰেটিভ শাখাত বেষ্ট এচিভমেণ্ট পুৰস্কাৰ আগবঢ়োৱা হৈছে 'দিঠকত হেৰাল সপোন' লৈ । বিভিন্ন দেশৰ শতাধিক ছবিয়ে অংশগ্ৰহণ কৰা মহোৎসৱত ছবিখনে দেখুওৱা ফলাফলক লৈ সন্তুষ্ট বুলি কয় প্ৰযোজক অজিত বৰ্মনে । ছবিখনৰ চিত্ৰনাট্যকাৰ আৰু পৰিচালক পংকজ পল্লৱ শৰ্মা ।

অসমীয়া চলচ্চিত্ৰ দিঠকত হেৰাল সপোনলৈ আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ

ছবিখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে মুকুল দাস, পংকজ পল্লৱ শৰ্মা, নিলোৎপল শৰ্মা, দিগন্ত কুমাৰ নাথ, দ্বীজেন্দ্ৰ শৰ্মা আৰু বহুকেইগৰাকী শিল্পীৰ লগতে ৰঙিয়া প্ৰেছ ক্লাবৰ কেইবাগৰাকী সদস্যই । ছবিখনৰ সংগীত আৰু গীতৰ কথা অপূৰ্ব বেজবৰুৱা আৰু অজিত বৰ্মনৰ ।

দিঠকত হেৰাল সপোন

ছবিখনৰ কণ্ঠশিল্পী অনিমা চৌধুৰী, সুকন্যা গোস্বামী, দেবৰ্চনা কাশ্যপ আৰু অজিত বৰ্মন । আৱহ সংগীত অৱনী ৰঞ্জন পাঠকৰ । কাহিনী ৰুদ্ৰকান্ত শৰ্মাৰ । চিত্ৰগ্ৰহণ কৰিছে লক্ষী নাথ আৰু সদা হালৈয়ে । ৰূপসজ্জা অঞ্জু কলিতাৰ ।

দিঠকত হেৰাল সপোন

লগতে পঢ়ক: ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰা কাৰ্যক প্ৰশংসা ৰকিবুল হুছেইনৰ

ABOUT THE AUTHOR

...view details