ৰঙিয়া, 29 আগষ্ট :প্ৰেম, বিশ্বাস, প্ৰতাৰণা আৰু অৱশেষত মৃত্যু ৷ মূহুৰ্ততে সকলো শেষ ৷ ৰেকিব আলী ওৰফে বুবুৱে সপোন দেখিছিল এদিন মৰমৰ মানুহজনীৰ সৈতে সপোনৰ ঘৰখন সাজিব ৷ সময় বাগৰিল ৷ এঢাপ এঢাপকৈ মৰমৰে উপচি পৰিব ঘৰখন ৷ কষ্টও কৰিছিল বাবুৱে ৷ এপইচা-দুপইচাকৈ সাঁচিছিল ধন ৷ কিয়নো মৰমৰ মানুহজনীৰ সৈতে বুবুৱে সপোনৰ ঘৰখন সাজিব ৷
ইমানলৈকে সকলো ঠিকেই আছিল ৷ কিন্তু হঠাৎ ধুমুহা আহিল বুবুৰ জীৱনলৈ ৷ মূহুৰ্ততে সকলো শেষ ৷ ধ্বংস হ’ল বুবুৰ সপোন ৷ বুবুৰ প্ৰেমিকাই মন মেলিলে আনলৈ ৷ এই খবৰ পালে বুবুৱে ৷ তাৰ পাচত যেন দিকবিদিক হেৰুৱাই পেলাইছে বুবুৱে ৷ কি কৰিব, কেনেকৈ বুজাব মৰমৰ প্ৰেয়সীক ৷ কেনেকৈ বুজাব তাইক সি কিমান ভাল পায় ৷ কেনেকৈ সয়মান কৰাব বুবুৰ জীৱনলৈ ধূৰি আহিবলৈ ?
কিন্তু বুবুৱে ভবাৰ দৰে প্ৰেমিকা ঘূৰি নাহিল ৷ বহু চেষ্টা কৰিও প্ৰেমিকাৰ প্ৰতাৰণা সহ্য কৰিব নোৱাৰি ৰঙিয়াৰ বৰদোঙা বটাকুছিৰ প্ৰেমিক বুবুৱে ল’লে চৰম সিদ্ধান্ত । অন্ধ্ৰ প্ৰদেশতে বুবু ওৰফে ৰেকিব আলীয়ে ফেচবুকত লাইভ দি চিপ লৈ আত্মহত্যা কৰিলে (Lover commits suicide in Andhra Pradesh) ।