অসম

assam

By

Published : Mar 7, 2020, 4:52 PM IST

Updated : Mar 7, 2020, 6:02 PM IST

ETV Bharat / state

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত উদ্ধাৰ মেঘালয়ত আবদ্ধ অসমৰ শ্ৰমিকক

মেঘালয়ৰ শেহতীয়া পৰিস্থিতিৰ বাবে ৰাজ্যখনত আৱদ্ধ হৈ আছিল অসমৰ একাংশ শ্ৰমিক ৷ শনিবাৰে শ্ৰমিকসকলক প্ৰশাসন আৰু আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰি অসমলৈ অনা হয় ৷ বিগত এসপ্তাহে মেঘালয়ত আৱদ্ধ হৈ আছিল অসমৰ প্ৰায় ৪৭০জন শ্ৰমিক ৷

Assam worker rescue in Meghalaya etv bharat news
উদ্ধাৰ অসমৰ শ্ৰমিক

আজাৰা,7 মাৰ্চঃ অসমলৈ ঘূৰাই অনা হ'ল দীৰ্ঘদিনৰ পৰা মেঘালয়ত আৱদ্ধ হৈ থকা অসমীয়া শ্ৰমিকসকলক । মেঘালয়ৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৱদ্ধ হৈ আছিল উক্ত শ্ৰমিকসকল । পাহাৰীয়া ৰাজ্যখনৰ ইছামতিত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয় প্ৰশাসন তথা আৰক্ষী । বিগত প্ৰায় এসপ্তাহ ধৰি আৱদ্ধ থকা শ্ৰমিকসকলক মুখ্যমন্ত্ৰীৰ নিৰ্দেশত উদ্ধাৰ কৰা হয় শনিবাৰে ৷

উদ্ধাৰ অসমৰ শ্ৰমিক

উল্লেখ্য যে, অসম চৰকাৰ আৰু মেঘালয় চৰকাৰৰ যৌথ উদ্যোগত উদ্ধাৰ হোৱা ৪৭০জন শ্ৰমিকক অসম-মেঘালয় সীমান্তৱৰ্তী পাঠাৰখামা শুকুৰবেৰীয়া পথেৰে ১০খন ট্ৰাকযোগে অসমলৈ অনা হয় । ৰাজ্যৰ বিভিন্ন জিলাৰ শ্ৰমিকসকলক ৰাণী আৰক্ষী চকীৰ পৰা নিজ নিজ গৃহলৈ পঠিওৱা হয় । আনহাতে, বৰ্তমানেও মেঘালয়ৰ বহু ঠাইত আৱদ্ধ হৈ আছে অসমৰ একাংশ শ্ৰমিক । ফলত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে শ্ৰমিকসকলৰ মাজত ৷ বিগত শুকুৰবাৰৰ পৰা শ্ৰমিকসকল এনেদৰে আৱদ্ধ হৈ আছিল ইষ্ট খাছী হিলচত । উদ্ধাৰ হোৱা শ্ৰমিকসকলক আদৰিবলৈ ৰাণীত উপস্থিত হয় বিজেপি সংখ্যালঘু মৰ্চাৰ সদস্যসকল ।

বিজেপি সংখ্যালঘু মৰ্চাৰ আদৰণী

লগতে চাওকঃকলিয়াভোমোৰা দলঙৰ পৰা তলত পৰিল ট্ৰাক

Last Updated : Mar 7, 2020, 6:02 PM IST

ABOUT THE AUTHOR

...view details