অসম

assam

ETV Bharat / state

ৰঙিয়াত উদ্ধাৰ অচিনাক্ত মৃতদেহ - deadbody

ততালিকে লোকজনক আৰক্ষীয়ে চিকিৎসালয়লৈ প্ৰেৰণ কৰে । কিন্তু চিকিৎসা চলি থকাৰ সময়তে মৃত্যু হয় । মৃত লোকজনৰ বয়স ৩৫ ৰ পৰা ৩৭ ৰ ভিতৰত হ'ব বুলি অনুমান কৰা হৈছে যদিও এতিয়ালৈ  মৃত লোকজন চিনাক্ত হোৱা নাই ।

ৰঙিয়াত উদ্ধাৰ এক অচিনাক্ত মৃতদেহ

By

Published : Jun 11, 2019, 4:50 PM IST

ৰঙিয়া, ১১জুনঃ ৰঙিয়া হাইৱে বাছ আস্থানৰ ওচৰত উদ্ধাৰ পুৰুষৰ এক অচিনাক্ত মৃতদেহ । লোকজনক গাড়ীয়ে খুন্দিয়াই পেলাই থৈ যোৱাৰ সন্দেহ ৰাইজৰ ।

ৰঙিয়াত উদ্ধাৰ এক অচিনাক্ত মৃতদেহ

ৰঙিয়া বৰলীয়া নদীৰ দলঙৰ ওচৰত লোকজনক পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৰাইজে । এই বিষয়ে ৰাইজে অৱগত কৰে আৰক্ষীক । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ লোকজনক উদ্ধাৰ কৰে । উল্লেখ্য যে আৰক্ষীয়ে উদ্ধাৰ কৰা সময়লৈকে লোকজন জীৱিত অৱস্থাত আছিল । ততালিকে লোকজনক আৰক্ষীয়ে চিকিৎসালয়লৈ প্ৰেৰণ কৰে । কিন্তু চিকিৎসা চলি থকাৰ সময়তে মৃত্যু হয় । মৃত লোকজনৰ বয়স ৩৫ ৰ পৰা ৩৭ ৰ ভিতৰত হ'ব বুলি অনুমান কৰা হৈছে যদিও এতিয়ালৈ মৃত লোকজন চিনাক্ত হোৱা নাই ।

লগতে আন এটা বাতৰি- ডিৰাকত পথ দুৰ্ঘটনাঃ এজন নিহত

ABOUT THE AUTHOR

...view details