নিউজ ডেস্ক, 27 জুলাই :সোমবাৰে কাছাৰৰ অসম-মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱাই অসম আৰক্ষীৰ পাঁচজনকৈ জোৱানৰ লগতে এজন স্থানীয় লোকে ৷ শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে তিনিদিনীয়া ৰাজ্যিক শোক পালন কৰাৰ কথা ঘোষণা কৰিছে অসম চৰকাৰে ৷ এখন ডব্লিউ টি জাননীৰ জৰিয়তে অসম চৰকাৰে বিভিন্ন জিলাৰ উপায়ুক্তলৈ এই বাৰ্তা প্ৰেৰণ কৰিছে ৷ আগন্তুক তিনি দিন সকলো চৰকাৰী কাৰ্যালয়তে ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ।
আনহাতে, মঙলবাৰে পুৱাই শিলচৰত উপস্থিত হৈ আহতসকলক চিকিৎসালয়ত সাক্ষৎ কৰাৰ লগতে শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ লগতে আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিং ৷
উল্লেখ্য যে, সোমবাৰে কাছাৰৰ অসম-মিজোৰাম সীমান্তৰ বিবাদত 5 আৰক্ষী জোৱানে প্ৰাণ হেৰুওৱাৰ পিছতে এই ক্ষেত্ৰত হস্তক্ষেপৰ বাবে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক আহ্বান জনায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মিজোৰামৰ মুখ্যমন্ত্ৰী সৈতেও কথা পাতিছে । আইজললৈ গৈ এই বিষয়ে আলোচনাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই । লগতে অসম আৰক্ষীক গুলীৰ প্ৰত্যুত্তৰ দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷