নিউজ ডেস্ক, 27 জুলাই : ৰাজ্য চৰকাৰে অসম আৰক্ষীৰ 5 গৰাকী শ্বহীদ জোৱানৰ পৰিয়াললৈ 50 লাখ টকাকৈ এককালীন সাহায্য আগবঢ়াব ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma)ই মঙলবাৰে শিলচৰত এই কথা সাংবাদিকৰ আগত ব্যক্ত কৰে ৷ তেওঁ লগতে কয় অসম আৰক্ষীৰ 42 গৰাকী জোৱানলৈ 1 লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ’ব ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, কাছাৰৰ আৰক্ষী অধীক্ষক বি চি নিম্বলকাৰক(IPS BC Nimbalkar) এয়াৰ এম্বুলেঞ্চৰ সহায়ত উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে মুম্বাইলৈ প্ৰেৰণ কৰিছে ৷
42 জন আহত আৰক্ষী জোৱানৰ 3 জনৰ অৱস্থা সংকটজনক হোৱা হেতুকে তেওঁলোকক জিএমচিএইচ(GMCH)লৈ অতি শীঘ্ৰে প্ৰেৰণ কৰা হ’ব বুলি অৱগত কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ(Mizoram CM Zoram Thanga) স্থিতিক সমালোচনা কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, অসম-মিজোৰামৰ সীমা বিবাদ(Assam Mizoram border dispute) সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে দিয়া উপদেশসমূহ অসমে আখৰে আখৰে পালন কৰিছে ৷ কিন্তু একেটা সময়তে মিজোৰামে এই কেন্দ্ৰীয় গৃহমন্ত্ৰী(union home minister)ৰ উপদেশ মনাৰ সলনি আঁকোৰগোজ স্থিতি লৈছে ৷