অসম

assam

ETV Bharat / state

Ripun Bora: হিমন্ত বিশ্ব শৰ্মাই অকলেই চৰকাৰ চলাই আছে; ৰিপুণ বৰা

ৰঙিয়াত তৃণমূল কংগ্ৰেছৰ দলীয় সভাত অংশগ্ৰহণ কৰি বিজেপিৰ বিৰুদ্ধে সৰৱ হ’ল সভাপতি ৰিপুণ বৰা ৷ চৰকাৰৰ অমৃত কলহ যাত্ৰা, মহিলাৰ ঋণ ৰেহাইৰ প্ৰসংগকলৈয়ো মন্তব্য ৷

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 10:16 PM IST

Ripun Bora
Ripun Bora

বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ কথাৰ কোনো ভেল্যু নাই; ৰিপুণ বৰা

ৰঙিয়া, 30 ছেপ্টেম্বৰ: অসমত বৰ্তমান মুখ‍্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অকলে চৰকাৰখন চলাই আছে । গতিকে বিজেপি দলৰ সভাপতি হলেও ভৱেশ কলিতাই চৰকাৰৰ লগতে দলটোৰ বিষয়ে ভালদৰে অৱগত নহয় ৷ ‘অমৃত কলহ যাত্ৰা’ত ৰাজকোষৰ ধনৰ অপব‍্যৱহাৰ হোৱা নাই বুলি ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই মন্তব্য কৰাৰ পিছত ৰঙিয়াত শনিবাৰে এনেদৰে মন্তব্য কৰিলে তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ।

তেওঁ কয় যে মুখ‍্যমন্ত্ৰীগৰাকীয়ে যাতায়তৰ বাবে হেলিকপ্টাৰ ব‍্যৱহাৰৰ বাবদ ৰাজকোষৰ পৰা এবছৰত 44 কোটি টকা ব‍্যয় কৰিছে বুলি নিজেই বিধানসভাত জনাইছে । তেওঁ লগতে প্ৰশ্ন কৰে যে অমৃত কালৰ বিভিন্ন অনুষ্ঠানৰ বাবে আয়োজন কৰা বৃহৎ বৃহৎ সভা সমিতিৰ খৰচ কোনে বহন কৰিছে ?

ৰিপুণ বৰাই শনিবাৰে তিনিখন জিলা ক্ৰমে কামৰূপ, ওদালগুৰি আৰু তামুলপুৰৰ তৃণমূল পৰ্যায়ৰ সদস্যসকলৰ সৈতে ৰঙিয়াৰ প্ৰগতি সংঘত অনুষ্ঠিত এক দলীয় সভাত অংশগ্ৰহণ কৰে । সভাত উপস্থিত দলটোৰ সদস্যসকলক উদ্দেশ‍্যি বৰাই কয় যে মুখ‍্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কাৰ্য‍ভাৰ গ্ৰহণ কৰাৰ পিছত অসমৰ বৰ্তমানৰ ঋণৰ বোজা 1 লাখ 44 হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছে ।

ফলত অসমত সদ‍্যজাত এটা শিশুৱেও প্ৰায় 38 হাজাৰ টকাৰ ঋণৰ বোজা বহন কৰিব লগীয়া হৈছে । ইফালে ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ সময়ত মাইক্ৰ’ফাইনান্সৰ ঋণ ৰেহাই দিব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিচতো মহিলাসকললৈ আদালতে চমন পঠিওৱাৰ বিষয়ে মন্তব্য কৰি জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে নিৰ্বাচনত মহিলাসকলৰ ভোট লাভ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই মিছা প্ৰতিশ্ৰুতি দিছিল ।

তেওঁ কয় যে অসম চৰকাৰৰ বিত্তমন্ত্ৰীয়ে বিধানসভাত দিয়া তথ্য অনুসৰি অসমৰ মুঠ 26 লাখ মহিলাই মাইক্ৰ'ফাইনান্সৰ পৰা ঋণ লৈছিল । যাৰ ভিতৰত মাত্ৰ দহ লাখ মহিলাক Incentive Money হিচাপে 25 হাজাৰকৈ ধন দিয়া হৈছে ।

কিন্তু এতিয়াও 16 লাখ মহিলাই এই ধন ৰাশি পাবলৈ বাকী আছে । গতিকে বিষয়টোক তেওঁ নিৰ্বাচনৰ সময়ত বিজেপিয়ে ৰাইজক দিয়া আন আন ভুৱা প্ৰতিশ্ৰুতিৰ দৰে এটা বুলি উল্লেখ কৰে ।

আজিৰ সভাখনত দলটোৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা, ৰাজ্যিক মুখপাত্ৰ দিলীপ শৰ্মা, উত্তৰ কামৰূপ জিলাৰ সভাপতি অঞ্জন কুমাৰ দাস, ৰঙিয়া ব্লকৰ সভাপতি তিলক কলিতা, মহিলা মৰ্চাৰ সম্পাদিকা ৰুণু বৈশ‍্য প্ৰমুখ্যে নেতৃবৃন্দ উপস্থিত থাকি দলীয় ভেটি সুদৃঢ় কৰাৰ লক্ষ্যৰে ভাষণ ৰাখে ।

উত্তৰ কামৰূপ জিলাৰ অন্তৰ্গত ভিন্ন প্ৰান্তৰ পৰা কেইবা শতাধিক দলীয় কৰ্মী উপস্থিত থকা সভাত দলীয় ঐক্য সুনিশ্চিত কৰাৰ ক্ষেত্ৰত আগন্তুক লোকসভাৰ লগতে পঞ্চায়ত নিৰ্বাচনত দেশৰ বিৰোধী দলসমূহৰ সৈতে ঐক্যবদ্ধভাৱে বিজেপি দল নেতৃত্বাধীন চৰকাৰ উৎখাতৰ বাবে যুগুত কৰা ৰণকৌশল সন্দৰ্ভত মত ব্যক্ত কৰে আন আন নেতৃবৃন্দই ।

ইফালে, ভাষণ প্ৰসংগত ৰাজ্যিক সভাপতি ৰিপুণ বৰাই লোকসভা তথা পঞ্চায়ত নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ প্ৰতিদ্বন্দী প্ৰাৰ্থী নথকা স্থানত আন বিৰোধী প্ৰাৰ্থীক হলেও ভোট প্ৰদানৰ আহ্বান জনায় ।

লগতে পঢ়ক:Keshab Mahanta: এইবাৰ লোকসভাত থাকিব অগপৰ সাংসদ; দাবী মন্ত্ৰী কেশৱ মহন্তৰ

ABOUT THE AUTHOR

...view details