অসম

assam

ETV Bharat / state

ধন দিয়ক আৰু নকল কৰক! - নকল

বাইহাটা চাৰিআলিৰ পূব কামৰূপ মহাবিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত আজৱ ঘটনা ৷ পৰীক্ষাৰ্থীক নকলৰ সুবিধা দিয়াৰ নামত তিনিৰ পৰা ছয় হেজাৰ টকা সংগ্ৰহ কৰাৰ অভিযোগ একাংশ টোলৰ শিক্ষকৰ বিৰুদ্ধে ।

ধনৰ বিনিময়ত পৰীক্ষাত নকলৰ সুবিধা

By

Published : Jul 31, 2019, 5:19 PM IST

কামৰূপ,31 জুলাইঃ বাইহাটা চাৰিআলিৰ পূৱ-কামৰূপ মহাবিদ্যালয়ত নজৰবিহীন ঘটনা। সংস্কৃত পৰীক্ষাৰ নামত চৰম অৰাজকতাৰ অভিযোগ।

ধনৰ বিনিময়ত পৰীক্ষাত নকলৰ সুবিধা
বাইহাটা চাৰিআলিৰ পূব কামৰূপ মহাবিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত আজৱ ঘটনা ৷ পৰীক্ষাৰ্থীক নকলৰ সুবিধা দিয়াৰ নামত তিনিৰ পৰা ছয় হেজাৰ টকা সংগ্ৰহ কৰাৰ অভিযোগ একাংশ টোলৰ শিক্ষকৰ বিৰুদ্ধে । কিন্তু ভৱামতে কাম নহ'ল পৰীক্ষাৰ্থীসকলৰ ৷ কিয়নো পূৱ-কামৰুপ মহাবিদ্যালয়ৰ পৰীক্ষা পৰিচালনা সমিতিৰ তৎপৰতা আৰু Kumar Bhaskar Varman Sanskrit & Ancient Studies University-ৰ দুগৰাকী পৰীক্ষা নিয়ন্ত্ৰকৰ দ্বাৰা বহু নকল উদ্ধাৰ কৰাৰ লগতে ছয়গৰাকী পৰীক্ষাৰ্থীক বহিষ্কাৰ কৰে। ইয়াৰ উপৰিও দুজন পৰীক্ষাৰ্থীৰ পৰা দুটা মোবাইল জব্দ কৰি আৰক্ষীৰ হাতত গতাই দিয়ে। উল্লেখযোগ্য যে,সৰ্বমুঠ বাৰগৰাকীৰ পৰীক্ষাৰ্থীৰ ভিতৰত বহিস্কাৰ কৰা হ'ল পৰীক্ষা কেন্দ্ৰটোৰ ছয় গৰাকী পৰীক্ষাৰ্থীক। উক্ত ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷ অতি শীঘ্ৰে উক্ত পৰীক্ষা কেন্দ্ৰটোত সংঘটিত হোৱা অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় সচেতন মহলে ৷

ABOUT THE AUTHOR

...view details