অসম

assam

ETV Bharat / state

নিৰ্বাচনত শোচনীয় পৰাজয়ঃ বহুত ক্ষোভ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ !

"প্ৰধান মন্ত্ৰী মোদীয়ে নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰা ক'লা ধন ঘুৰাই আনিম বুলি এতিয়া সেই ক'লা ধন নিৰ্বাচনৰ কামত লগাইছে ৷ আনকি ৬ জনগোষ্ঠীক জনজাতিৰকৰণৰ নামত মিছা প্ৰতিশ্ৰুতিৰে আভুৱা ভৰিছে নৰেন্দ্ৰ মোদীয়ে।"

By

Published : May 24, 2019, 10:15 PM IST

ধৰ্মৰ নামত বিভাজন কৰি লাভৱান মোদীঃ তৰুন গগৈ

গুৱাহাটী, ২৪ মেঃ ধৰ্মৰ নামত বিভাজন কৰি লাভৱান হৈছে মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ বুলি মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ।

ধৰ্মৰ নামত বিভাজন কৰি লাভৱান মোদীঃ তৰুন গগৈ

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে দিল্লীলৈ উৰা মৰা আগমূহুৰ্তত সাংবাদিকৰ আগত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী তথা বিজেপি দলটোৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ মন্তব্য কৰে । আনকি ধৰ্মৰ নামত বিভাজন কৰি লাভৱান হৈছে মোদী নেতৃত্বধীন বিজেপি দলটো বুলি কটাক্ষ গগৈৰ । লগতে বিজেপিয়ে আশা কৰা মতে ফল নাপালে, আমিও ফল নাপালো বুলিও কয় । অসমীয়া ভাষা কলা-কৃষ্টি বিপাদপন্ন কৰিব খোজা পিছতো বিজেপিকে অসমৰ ৰাইজে ভোট দিলে বুলি ক্ষোভ উজাৰে গগৈয়ে আনকি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ ভাবুকি দিয়াৰ সত্বেও বিজেপিকে অসমৰ জনতাই ভোট দি জয়ী কৰালে বুলিও মন্তব্য় । ব্যাপক হাৰত ধন খৰচ কৰি, ধৰ্মৰ নামত ৰাজনীতি কৰি হলেও বিজেপি জয়ী হল বুলিও কোৱাৰ লগতে আনকি স্মৃতিৰাণীৰ হাতত ৰাহুল গান্ধী পৰাজয় সন্দৰ্ভত অতীতৰ বহু ৰাজনীতিকৰ উদাহৰণ দাঙি ধৰিলে প্ৰাক্তম মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ।

লগতে আন এটা বাতৰি - 2014 চনৰ তুলনাত 7% বৃদ্ধি পাইছে কংগ্ৰেছৰ ভোটঃ ৰিপুন বৰাৰ আত্মসন্তষ্টি !

ABOUT THE AUTHOR

...view details