তামুলপুৰ, 23 মেঃ তামুলপুৰৰ শুৱাগপুৰ অঞ্চলৰ একমাত্ৰ চৰকাৰী খণ্ডৰ বিদ্যালয় শুৱাগপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ফলাফলে উৎফুল্লিত কৰি তুলিছে অঞ্চলবাসীক। বিদ্যালয়খনৰ প্ৰধান শিক্ষকে দিয়া তথ্য অনুসৰি বিগত ৩৩ বছৰে শিক্ষাৰ্থীয়ে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত এই বৰ্ষৰ দৰে ফলাফল দেখুওৱাবলৈ সক্ষম হোৱা নাই ৷
শুৱাগপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ফলাফলে উৎফুল্লিত কৰিছে শুৱাগপুৰবাসীক
উল্লেখ্য যে, উক্ত বৰ্ষত বিদ্যালয়খনৰ পৰা দীপজ্যোতি কুমাৰ নামৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰগৰাকীয়ে বিদ্যালয়খনৰ লগতে অঞ্চলটোৰ ভিতৰতে প্ৰথমবাৰৰ বাবে গণিত বিষয়ত ১০০ৰ ভিতৰত ১০০ লাভ কৰি মুঠ ৮২% নম্বৰেৰে উন্নত ফলাফল বুটলিবলৈ সক্ষম হয়।
শুৱাগপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ফলাফলে উৎফুল্লিত কৰিছে শুৱাগপুৰবাসীক
উল্লেখ্য যে, উক্ত বৰ্ষত বিদ্যালয়খনৰ পৰা দীপজ্যোতি কুমাৰ নামৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰগৰাকীয়ে বিদ্যালয়খনৰ লগতে অঞ্চলটোৰ ভিতৰতে প্ৰথম বাৰৰ বাবে গণিত বিষয়ত ১০০ৰ ভিতৰত ১০০ লাভ কৰি মুঠ ৮২% নম্বৰেৰে উন্নত ফলাফল বুটলিবলৈ সক্ষম হয়।
সাধাৰণ পাণ তামোলৰ দোকানেৰে দীপজ্যেতিক পঢ়ুৱাই আছে দীপজ্যেতিৰ পিতৃ দীপক কুমাৰে। ভৱিষ্যতে অভিযন্তা হোৱাৰ সপোন লৈ ছাত্ৰ গৰাকীয়ে বিজ্ঞান শাখাত নামভৰ্তি কৰিব বুলি সাংবাদিকক জনাই।