অসম

assam

ETV Bharat / state

ডাইনীৰ সন্দেহত প্ৰহাৰ বৃদ্ধ দম্পত্তিক - অন্ধবিশ্বাস

আহত বৃদ্ধ দম্পত্তি দুজনক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও পৰৱৰ্তী সময়ত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে চিকিৎসকে ।

অন্ধবিশ্বাসৰ বলি এহাল বৃদ্ধ দম্পত্তি

By

Published : May 12, 2019, 10:47 PM IST

বকো, ১২ মেঃ কামৰূপ জিলাৰ বকোৰ দগাঁৱত সংঘটিত হ'ল এক মৰ্মান্তিক ঘটনা । এহাল বৃদ্ধ দম্পত্তিক প্ৰহাৰ কৰিলে ৰাইজে ।

অন্ধবিশ্বাসৰ বলি এহাল বৃদ্ধ দম্পত্তি
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ সময়তো কু সংস্কাৰ আৰু অন্ধবিশ্বাস জনসমাজৰ পৰা আঁতৰ হোৱা নাই । ইয়াৰ জ্বলন্ত উদাহৰণ, নিশা কামৰূপ জিলাৰ অসম মেঘালয় সীমান্তৰ গাওঁ বকোৰ দগাঁৱত সংঘটিত হোৱা মৰ্মান্তিক ঘটনাটি । গাওঁখনৰ এহাল বুঢ়া-বুঢ়ীক ৰাজহুৱাভাৱে প্ৰহাৰ কৰে অঞ্চলটোৰ লোকে । ডাইনী সন্দেহত ৰাইজে প্ৰহাৰ কৰে লুইন্ড চাংমা(৮০) আৰু প্ৰিটিলা চাংমা (৬৫) নামৰ দম্পতীহালক । উক্ত ঘটনাটি আৰক্ষীয়ে খবৰ পোৱাত, বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যোগেন্দ্ৰ বৰ্মনৰ নেতৃত্বত উদ্ধাৰ কৰে দুয়োকে । আহত বৃদ্ধ দম্পত্তি দুজনক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও পৰৱৰ্তী সময়ত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । লগতে এই ঘটনাক কেন্দ্ৰ কৰি এটা গোচৰ ৰুজু কৰা হব বুলি জনাইছে আৰক্ষীয়ে ।

ABOUT THE AUTHOR

...view details