গুৱাহাটী, ১ জুলাই : অসমৰ বাবে অভিশাপ স্বৰূপ হৈ পৰা বানপানী অসমৰ উন্নয়নৰ মূল প্রতিবন্ধক (Floods are main barrier to assam's development) । প্ৰতিবছৰে হোৱা বানত ৰাজ্যখনৰ হাজাৰ হাজাৰ কোটি টকা ক্ষতি হয় । একপ্ৰকাৰ বানৰ ফলত কঁকাল ভাঙি পৰে ৰাজ্যবাসীৰ । ৰাজ্যৰ অৰ্থনীতিত সাংঘাতিক প্ৰভাৱ (Flood affected in Assam economy) পেলোৱা এই বান সমস্যা সমাধানৰ বাবে চৰকাৰে কিন্তু আজিলৈকে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ।
ৰাজ্যৰ বিভিন্ন দল-সংগঠনে দীৰ্ঘদিনৰ পৰাই বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে (Declaration of Assam flood as National problem) ঘোষণা কৰি ইয়াৰ বিজ্ঞানসন্মতভাৱে স্থায়ী সমাধানৰ বাবে দাবী জনাই আহিছে যদিও কেন্দ্ৰীয় চৰকাৰে এই দাবীক অলপো গুৰুত্বই দিয়া নাই (Central Government) । যাৰ ফলত প্ৰতিবছৰে হোৱা বানৰ বাবে ৰাজ্যখনৰ উন্নয়ন বহু পিছুৱাই গৈছে ।
খোদ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰিয়েই বিগত পাঁচ বছৰতেই বানত অসমৰ ১৩,২২৬.৬৯ কোটি টকাৰ সা-সম্পত্তি ক্ষতি হৈছে (Assam lost 13,226.69 crore property in last five years)। উক্ত ক্ষতিৰ ভিতৰত গৃহ, কৃষি আৰু চৰকাৰী সম্পত্তিৰ ক্ষতিৰ হিচাপহে ধৰা হৈছে । পশুধনকে ধৰি আন আন সা-সম্পত্তিসমূহৰ ক্ষয়-ক্ষতি অন্তৰ্ভুক্ত কৰা হোৱা নাই ।
এইসমূহ ক্ষয়-ক্ষতি যোগ দিলে বানত হোৱা ক্ষতিৰ পৰিমাণ আৰু বহু গুণে বৃদ্ধি পাব । উল্লেখ্য যে বিগত পাঁচ বছৰৰ ভিতৰত সকলোতকৈ প্ৰলয়ংকৰী বান হৈছিল ২০১৭ চনত । সেই বছৰটোত বানত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ আছিল ৪,১৬৪.৮১০ কোটি টকা । উক্ত বছৰৰ বানত ১৬০জন লোকৰ মৃত্যু হোৱাৰ লগতে ২,৭৬৩টা পশুধনৰ মৃত্যু হৈছিল আৰু ১,১১,০৭০ টা বাসগৃহৰ ক্ষতি হৈছিল । আনহাতে, ২০১৮ চনত বানত ৫৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১২২টা পশুধনৰ মৃত্যু আৰু ১,০২,৭৩৭টা গৃহৰ ক্ষতি হৈছিল ।