শুৱালকুছি, 13 মেঃ নিশা বস্ত্ৰ নগৰী শুৱালকুছিৰ ঐতিহাসিক শংকৰধাম মন্দিৰত চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত ধৰা পৰিল এটা চোৰ৷ চোৰটোৱে মন্দিৰৰ দেৱাল পাৰ হৈ ধন লুটিবলৈ চেষ্টা কৰোঁতেই স্থানীয় লোকে দেখি হাতে-লোটে ধৰে ৷ ৰাইজে চোৰটোক উত্তম-মাধ্যম দি অৱশেষত আৰক্ষীক গতাই দিয়ে৷
শুৱালকুছিত চোৰা খালে লপা-থপা - শংকৰধাম মন্দিৰ
চোৰটোৱে মন্দিৰৰ দেৱাল পাৰ হৈ ধন লুটিবলৈ চেষ্টা কৰোঁতেই স্থানীয় লোকে দেখি হাতে-লোটে ধৰে ৷ ৰাইজে চোৰটোক উত্তম-মাধ্যম দি অৱশেষত আৰক্ষীক গতাই দিয়ে৷
শুৱালকুছিত চোৰক লপা-থপা ৰাইজৰ
উল্লেখ্য যে শুৱালকুছিৰ লগতে সমগ্ৰ অসমতে বৰ্তমান বৃদ্ধি পাইছে মন্দিৰত চুৰি কাণ্ডৰ ঘটনা । সিদ্ধেশ্বৰ দেৱালয়ৰ অষ্টধাতুৰ মূৰ্তি চুৰি হোৱাৰ পিচত ইতিহাস প্ৰসিদ্ধ ঈশ্বৰ শ্ৰীশ্ৰী ন সত্ৰ হনুমান মন্দিৰতো চোৰে চুৰি কৰে ৷ দেওবাৰে নিশা আটক হোৱা মুজাফৰ আলী নামৰ চোৰটোৰ ঘৰ হাজোৰ দামপুৰত ।