নিউজ ডেস্ক, ২৫ জুলাই :ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ উদ্যোগত যোৱা ২৩ জুলাইৰ পৰা অনুষ্ঠিত হৈ থকা তিনিদিনীয়া আৱাসিক প্রশিক্ষণ শিবিৰৰ (Assam State BJP three day residential training ended) সোমবাৰে বিয়লি ২ বজাত সমাপন হয় । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড৹ বাণীকান্ত কাকতি প্রেক্ষাগৃহত অনুষ্ঠিত ৰাজ্যিক প্রশিক্ষণ শিবিৰত তিনিদিনত সৰ্বমুঠ পোন্ধৰটা বিভিন্ন বিষয়ত বিভিন্নজন সমল ব্যক্তিয়ে দলৰ বিভিন্ন স্তৰৰ দুই শতাধিক নেতৃত্ব বহন কৰা গুৰুত্বপূৰ্ণ পদাধিকাৰী কাৰ্যকৰ্তাক প্ৰশিক্ষণ প্রদান কৰে ।
ইয়াৰে ভিতৰত ভাৰতীয় জনতা পাৰ্টিৰ বিকাশৰ যাত্ৰা সম্পর্কে ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ সহ প্রভাৰী পৱন শৰ্মা (Assistant Prabhari of Assam BJP Pawan Sharma) আৰু জ্যেষ্ঠ নেতা ড৹ প্রদীপ ঠাকুৰীয়াই প্ৰশিক্ষণ আগবঢ়ায় । কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক নীতি সম্পর্কে ৰাষ্ট্ৰীয় উপ সভাপতি তথা অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা (BJP National Vice President Baijayant Jai Panda), কেন্দ্রীয় চৰকাৰৰ গৰীৱ কল্যাণ যোজনা সম্পর্কে গ্রামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, সামাজিক মাধ্যমৰ সঠিক ব্যৱহাৰ সম্পৰ্কে হেমন্ত গোস্বামী, কেন্দ্রীয় চৰকাৰৰ কৃষিৰ ক্ষেত্ৰত লোৱা পদক্ষেপ আৰু দলৰ উপলদ্ধি সম্পর্কে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাৰ্চাৰ্য বিদ্যুৎ চৰণ ডেকাই প্ৰশিক্ষণ দিয়ে ।
আনহাতে, বিচাৰ পৰিবাৰ সম্পৰ্কে অজয় কোঁৱৰ, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ দূৰদৰ্শীমূলক নীতি সম্পর্কে পর্যটন মন্ত্রী জয়ন্ত মল্ল বৰুৱা (Assam Tourism Minister Jayant Malla Baruah), ৰাষ্ট্ৰৰ পুনঃনিৰ্মাণত বিজেপিৰ অৰিহণা সম্পর্কে সাংসদ দিলীপ শইকীয়াই প্ৰশিক্ষণ প্ৰদান কৰে । সেইদৰে অসম চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহ আৰু ইয়াৰ সূদুৰপ্ৰসাৰী প্ৰভাৱ সম্পর্কে জলসিঞ্চন মন্ত্রী অশোক সিংহাল, একান্ত মানৱতাবাদ সম্পর্কে উত্তৰ-পূবৰ ক্ষেত্রীয় সাংগঠনিক সাধাৰণ সম্পাদক অজয় জামোৱালে প্ৰশিক্ষণ দিয়ে ।