ৰঙিয়া, ৮ জানুৱাৰী : সোমবাৰে ৰঙিয়াত অনুষ্ঠিত হয় বিজেপিৰ ৮ টাকৈ মৰ্চাৰ সাংগঠনিক সভা । আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবেই এই সাংগঠনিক সভা অনুষ্ঠিত হয় । উল্লেখ্য লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বৃদ্ধি পাইছে শাসকীয় দলটোৰ তৎপৰতা । তাৰেই অংশ হিচাপে এই সভা অনুষ্ঠিত হয় । বিজেপি মৰ্চাৰ সাংগঠনিক সভাত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাধাৰণ সম্পাদক পল্লৱ লোচন দাসসহ প্ৰতিটো মৰ্চাৰে সভাপতি-সম্পাদকসকল ।
আনহাতে, বিজেপিৰ নিৰ্বাচনী ৰণনীতি সন্দৰ্ভত সংবাদ মাধ্যমক সম্বোধন কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়, "বিজেপিয়ে শীঘ্ৰে আৰম্ভ কৰিব চোতাল বৈঠক । ভোটাৰ তালিকাৰ পৃষ্ঠা প্ৰমুখসকলক লৈ প্ৰতিঘৰৰ চোতালে চোতালে অনুষ্ঠিত হ'ব এই বৈঠক । ইয়াৰ বাবে ইতিমধ্যে ৰাজ্যজুৰি বিধানসভা ভিত্তিত তিনিজনীয়াকৈ কমিটী গঠন হৈছে । ইয়াৰ উপৰি যুৱ মৰ্চাৰ নেতৃত্বত হ'ব নৱ-ভোটাৰ সন্মিলন । ২৪ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ৰাজ্যত নৱ-ভোটাৰ সন্মিলন । নতুন ভোটাৰক আকৃষ্ট কৰিবলৈ এই সন্মিলনৰ আয়োজন কৰা হৈছে ।"
ইয়াৰ উপৰি বিজেপিৰ অন্যান্য কাৰ্যসূচী সন্দৰ্ভত ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে মহিলা মৰ্চাৰ নেতৃত্বত অনুষ্ঠিত হ'ব হিতাধিকাৰী সন্মিলন । আনহাতে, কৃষক, দৰিদ্ৰ, মহিলা, যুৱকসকলক লৈ ব্যাপক ৰূপত বিজেপি আগবাঢ়িব বুলিও তেওঁ উল্লেখ কৰে । ৰাষ্ট্ৰীয় নেতৃত্বই লোৱা কৰ্মসূচী ৰূপায়ণৰ উদ্দেশ্যৰেই সোমবাৰে এই বৈঠকৰ আহ্বান জনোৱা বুলি তেওঁ উল্লেখ কৰে ।