অসম

assam

ETV Bharat / state

Assam Sahitya Sabha on Language controversy: কি ক’লে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই ? - Further development of Assamese language

জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক ড৹ মামণি ৰয়ছম গোস্বামীয়ে 2011 চনৰ 29 নৱেম্বৰত ইহলীলা সম্বৰণ কৰিছিল ৷ বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুৰ দিনে সোমবাৰে 10 বছৰ অতিক্ৰম কৰে ৷ মামণি ৰয়ছম গোস্বামীয়ে অসমীয়া সাহিত্য ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদান অতুলনীয় ৷ সাহিত্যিকগৰাকীৰ দশম মৃত্যু তিথি (Death anniversary of Mamoni Raisom Goswami)ত তেখেতক সোঁৱৰণ কৰি শেহতীয়াকৈ অসমীয়া আৰু বাঙালী ভাষাক লৈ হোৱা বিতৰ্ক(Assamese Language controversy) সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম সাহিত্য সভা(Assam Sahitya Sabha reaction on language controversy)ই ৷

Assam Sahitya Sabha reaction on language controversy
ভাষাৰ বিতৰ্ককলৈ অসম সাহিত্য সভা

By

Published : Nov 29, 2021, 8:35 PM IST

ৰঙিয়া, 29 নৱেম্বৰ : অসমীয়া আৰু বাঙালী ভাষাক লৈ শেহতীয়াকৈ হোৱা বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম সাহিত্য সভা(Assam Sahitya Sabha reaction on language controversy )ৰ সভাপতি কুলধৰ শইকীয়াই ৷ উল্লেখ্য যে, অসম সাহিত্য সভাই জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীৰ এঘাৰ সংখ্যক মৃত্যু বাৰ্ষিকী(Death anniversary of Mamoni Raisom Goswami)ৰ উপলক্ষ্যে সোমবাৰে ৰঙিয়াত স্মৃতি দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰে ৷ এই কাৰ্যসূচীত স্বনামধন্য সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ গ্ৰন্থ আৰু কৰ্মৰাজিৰ ওপৰত মনোজ্ঞ আলোচনা কৰা হয় ।

অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া

সভাত অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই দুই-চাৰিজন ব্যক্তিয়ে সম্প্ৰীতিৰ বিৰুদ্ধে কাম কৰা পৰিলক্ষিত হৈছে বুলি উল্লেখ কৰি ভাষা আইনৰ বিধি-বিধানৰ জৰিয়তে এনে সংঘাত দূৰ কৰিব পৰা যাব বুলি মন্তব্য কৰে । তেওঁ ৰাইজৰ সুস্থিৰ সহযোগিতাৰ জড়িয়তে এনেধৰণৰ সংঘাটৰ অৱসান ঘটাই এক সম্প্ৰীতিৰ বাতাৱৰণ (The Atmosphere of Harmony) সৃষ্টি কৰিব পৰা যাব বুলি উল্লেখ কৰে । তেওঁ লগতে এনেদৰে অসমীয়া ভাষাক আৰু অধিক বিকাশ কৰা(Further development of Assamese language)ত সহায়ক হ’ব বুলি মন্তব্য কৰে ।

অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া

তেওঁ সাহিত্য সভাৰ এই কাৰ্যসূচীত উঠি অহা প্ৰজন্মই অংশগ্ৰহণ কৰাটো এক শুভ লক্ষণ বুলি মত প্ৰকাশ কৰে ৷ কুলধৰ শইকীয়াই অসমীয়া সাহিত্যৰ ডিজিটেলাইজেছন(digitization of Assam Sahitya Sabha) কৰা সন্দৰ্ভত কয় যে অসম সাহিত্য সভাই এই ক্ষেত্ৰত এটা প্ৰকল্প গ্ৰহণ কৰিছে । বিশেষকৈ পুৰণি গ্ৰন্থৰাজি সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ বাবে এই ব্যৱস্থা হাতত লোৱা হৈছে । মামণি ৰয়ছম গোস্বামীৰ স্মৃতি দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভণি পুৱা পতাকা উত্তোলনেৰে কৰা হয় ।

আলোচনা সভাৰ সভাপতি অকণ ডেকাই পতাকা উত্তোলন কৰাৰ পাছত স্মৃতি তৰ্পণ কৰে ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই । ইয়াৰ পাছতেই অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা ৷ মুকলি সভাত বিশিষ্ট সাহিত্যিক ড৹ ৰীতা চৌধুৰী, ড৹ উমেশ ডেকা, অপূৰ্ব কুমাৰ শইকীয়া, থানেশ্বৰ মালাকাৰকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :আৰম্ভ হৈছে অসমীয়া ভাষাক সংখ্যালঘুত পৰিণত কৰা ষড়যন্ত্ৰ : Rajya Sabha MP অজিত ভূঞা

ABOUT THE AUTHOR

...view details