অসম

assam

By

Published : Jan 25, 2020, 3:13 PM IST

ETV Bharat / state

71 সংখ্যক গণতন্ত্ৰ দিৱসৰ বাবে সাজু ৰাজ্য

দেশৰ 71 সংখ্যক গণতন্ত্ৰ দিৱসক লৈ সমগ্ৰ দেশতে ব্যাপক প্ৰস্তুতি ৷ তাৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্ততো ব্যাপক আয়োজন গণতন্ত্ৰ দিৱসৰ ৷

Assam ready for 71th Republic day of India
71 সংখ্যক গণতন্ত্ৰ দিৱসৰ বাবে সাজু ৰাজ্য

নলবাৰী, 25 জানুৱাৰীঃ গণতন্ত্ৰ দিৱসক লৈ দেশজুৰি ব্যাপক প্ৰস্তুতি ৷ দেশজুৰি সষ্টম নিৰাপত্তাৰক্ষী ৷ দেশৰ লগতে ৰাজ্যজুৰিও প্ৰস্তুতি তুংগত গণতন্ত্ৰ দিৱসৰ ৷ গণতন্ত্ৰ দিৱসক লৈ ৰাজ্যৰ চৌপাশৰ লগতে পেৰেড গ্ৰাউণ্ডত ব্যস্ত আৰক্ষী, অৰ্ধ-সামৰিক বাহিনীৰ লগতে ছাত্ৰ-ছাত্ৰী ৷ দেশৰ 71 সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষে নলবাৰীতো জিলা প্ৰশাসনৰ উদ্যোগত চলিছে ব্যাপক প্ৰস্তুতি ৷ নলবাৰীৰ বিভিন্ন মহাবিদ্যালয়, বিদ্যালয়কে ধৰি আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ কেইবাটাও গোটে ব্যস্ত অনুশীলনত ৷

নলবাৰী জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ খেলপথাৰত আয়োজক কৰা হৈছে 71 সংখ্যক গণতন্ত্ৰ দিৱসৰ ৷ আনহাতে এই কাৰ্যসূচীত পতাকা উত্তোলন জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই ৷ ইয়াৰোপৰি শ্ৰেষ্ঠ পঢ়ুৱৈৰ বঁটা প্ৰদান কৰা হ’ব বুলিও উল্লেখ কৰে জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে ৷

71 সংখ্যক গণতন্ত্ৰ দিৱসৰ বাবে সাজু নলবাৰী

ধেমাজিঃ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ধেমাজিতো প্ৰস্তুতি তুংগত গণতন্ত্ৰ দিৱসৰ ৷ ধেমাজিৰ কাছাৰী ময়দানত অনুষ্ঠিত কৰা হ’ব এই কাৰ্যক্ৰমণিকাৰ ৷ এইবেলি পেৰেডত 26 টা দলে অংশগ্ৰহণ কৰিব ৷ ইয়াৰ বাবে সাজু আৰক্ষীৰ দল তথা ছাত্ৰ-ছাত্ৰীসকল ৷

71 সংখ্যক গণতন্ত্ৰ দিৱসৰ বাবে সাজু ধেমাজি

আমিনগাঁওঃকামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আমিনগাঁৱত অনুষ্ঠিত হ’ব লগা গণতন্ত্ৰ দিৱসৰ প্ৰস্তুতি তুংগত ৷ আমিনগাঁৱৰ নুমলীজলাহ পেৰেড গ্ৰাউণ্ডত চলিছে পেৰেডৰ অন্তিম কুচকাৱাজত ব্যস্ত 12 টাকৈ দল ৷ উল্লেখ্য যে কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ শৰ্মা, কামৰূপ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াই গণৰাজ্য দিৱস উদযাপনস্থলী নুমলীজলাহ পেৰেড গ্ৰাউণ্ডত উপস্থিত হৈ তন্নতন্নকৈ পৰিদৰ্শন কৰে ।

71 সংখ্যক গণতন্ত্ৰ দিৱসৰ বাবে সাজু কামৰূপ

কমলপুৰঃ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে কামৰূপৰ কমলুপৰতো কেন্দ্ৰীয় ভাবে উদযাপন কৰিব দেশৰ ৭১ সংখ্যক গণতন্ত্ৰ দিৱসৰ ৷ কমলপুৰ ৰাজহ চক্ৰ কাৰ্যালয় প্ৰাংগনত উদযাপন কৰিবলগীয়া গণতন্ত্ৰ দিৱসৰ বাবে হাতত লৈছে বিস্তৃত কাৰ্যসূচী । চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকল ব্যস্ত গীতৰ আখৰাত । ইয়াৰ সমান্তৰালভাৱে কমলপুৰ আৰক্ষী থানাৰ আৰক্ষীৰ জোৱান সকলো ব্যস্ত পেৰডৰ আখৰাত ।

আৰু পঢ়কঃ৭১ সংখ‍্যক গণতন্ত্ৰ দিৱস উদযাপনৰ দিশে অগ্ৰসৰ হৈছে ভাৰতবৰ্ষ

ABOUT THE AUTHOR

...view details