ৰঙিয়া, 8 মেঃ ৰঙিয়াত স্বামীৰ অত্যাচাৰৰ বলি হ'ল এগৰাকী মহিলা ৷ চাৰিবছৰ পূৰ্বে ৰঙিয়াৰ উদিয়ানাৰ চাইদুল ইছলামৰ লগত মহিলাগৰাকীৰ প্ৰেম বিবাহ হৈছিল যদিও স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি ঘৰলৈ ওভতি আহিছিল মহিলাগৰাকী ৷ সেই ঘটনাৰ ছমাহ পিচতে স্বামী চাইদুল ইছলামে পত্নীৰ দেহত এচিড ঢালি দিয়ে। ইমানতে শান্ত নাথাকি চাইদুলে প্ৰায়ে ৰাস্তাই ঘাটে পত্নীক ভাবুকি দিয়ে ৷
স্বামীৰ অত্যাচাৰৰ বলি ৰঙিয়াৰ এগৰাকী মহিলা - ৰঙিয়া
উল্লেখ্য যে, ছমাহ পূৰ্বে স্বামী চাইদুল ইছলামে পত্নীৰ দেহত এচিড ঢালি দিয়ে। বুধবাৰে পুনৰ পত্নীক বাট আগচি ভাবুকি দিবলৈ লওতেই স্থানীয় ৰাইজে চাইদুলক ঘটনাস্থলীতেই উত্তম মাধ্যম দিয়ে
![স্বামীৰ অত্যাচাৰৰ বলি ৰঙিয়াৰ এগৰাকী মহিলা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3225000-798-3225000-1557318901632.jpg)
স্বামীৰ অত্যাচাৰৰ বলি ৰঙিয়াৰ এগৰাকী মহিলা
স্বামীৰ অত্যাচাৰৰ বলি ৰঙিয়াৰ এগৰাকী মহিলা
বুধবাৰে পুনৰ পত্নীক বাট আগচি ভাবুকি দিবলৈ লওতেই স্থানীয় ৰাইজে চাইদুলক ঘটনাস্থলীতেই উত্তম মাধ্যম দিয়ে ৷ পিচত ছোৱালীজনীৰ পৰিয়ালৰ লোকে ৰঙিয়া থানাত এক গোচৰ ৰুজু কৰে ৷