অসম

assam

ETV Bharat / state

ৰঙিয়াত অবৈধ দোকানৰ বিৰুদ্ধে চলিল উচ্ছেদ অভিযান

উচ্ছেদ অভিযানত ৫০ৰো অধিক পান তামোলৰ দোকানৰ লগতে ফল মূল,পাচলি তথা মাছ, মাংসৰ দোকান উচ্ছেদ কৰে প্ৰশাসনে

অবৈধভাৱে পদপথ দখল দোকানৰ বিৰুদ্ধে চলিল উচ্ছেদ অভিযান

By

Published : May 9, 2019, 7:33 PM IST

ৰঙিয়া, 9 মেঃ ৰঙিয়াত চলিল উচ্ছেদ অভিযান। ৰঙিয়া পৌৰসভাই চলালে এই অভিযান। পদপথৰ লগতে মূল পথৰ ওপৰত অবৈধ ভাৱে দখল কৰি থকা দোকানসমূহ উচ্ছেদ কৰিলে পৌৰকৰ্মীয়ে। বৃহস্পতিবাৰে ৰঙিয়াৰ ষ্টেচন ৰোডৰ তেতেলীগুৰিৰ পৰা আৰম্ভ হৈ এন টি ৰোড তথা ৰঙিয়াৰ হাইৱে বাছ আস্থানলৈ চলে এই উচ্ছেদ অভিযান।

অভিযানটোত ৫০ৰো অধিক পান তামোলৰ দোকানৰ লগতে ফল-মূল,শাক-পাচলি তথা মাছ, মাংসৰ দোকান উচ্ছেদ কৰে ৷ অভিযানটোৰ নেতৃত্ব দিয়ে দণ্ডাধীশ সুৰজিত বৰাই, লগতে উপস্থিত থাকে ৰঙিয়া পৌৰসভাৰ সভানেত্ৰী সীমা বৈশ্য।

অবৈধভাৱে পদপথ দখল দোকানৰ বিৰুদ্ধে চলিল উচ্ছেদ অভিযান

ABOUT THE AUTHOR

...view details