অসম

assam

ETV Bharat / state

ৰঙিয়াত মাছৰ উজান,হেতা ওপৰা ৰাইজৰ - মাছৰ উজান

ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাতকুছিত মাছৰ উজান উঠিছে। জালেৰে মাছ ধৰিবলৈ পানীত নামিছে শতাধিক লোক। জালত পৰিছে বিভিন্ন প্ৰজাতিৰ সৰু-বৰ মাছ ।

ৰঙিয়াত মাছৰ উজান,হেতা ওপৰা ৰাইজৰ

By

Published : Jul 18, 2019, 5:15 PM IST

ৰঙিয়া, ১৮ জুলাইঃ বানপানীৰ বিভীষিকাৰ মাজতে মাছ মাৰি আনন্দ কৰিছে ৰঙিয়া বাসীয়ে। পুৱতি নিশাৰ পৰাই মাছ ধৰাত ব্যস্ত চেঙেলীয়া ডেকাৰ পৰা আদহীয়ালৈকে।

ৰঙিয়াত মাছৰ উজান,হেতা ওপৰা ৰাইজৰ

ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাতকুছিত মাছৰ উজান উঠিছে। জালেৰে মাছ ধৰিবলৈ পানীত নামিছে শতাধিক লোক। জালত পৰিছে বিভিন্ন প্ৰজাতিৰ সৰু-বৰ মাছ। ৰৌ,মিৰিকা,ভকুৱাৰ পৰা কিমান যে মাছ । বৰলীয়া নৈৰ বাঢ়নী পানী কমি যোৱাৰ লগে লগে পথাৰ,জানত এতিয়া মাছৰ উজান। কেৱল মাছৰ বাবেই নহয়, মাছ ধৰাৰ আনন্দৰ বাবেও বহুতে হাতত তুলি লৈছে জাল। একেলগে বহি খাইছে পুৱাৰ জলপান। ইফালে বহু মৎস্য পালকৰ পুখুৰী নৈৰ পানীয়ে বুৰাই পেলোৱাত জান-পথাৰত উভৈনদী হৈ পৰিছে নানা ধৰণৰ মাছ।বহু উৎসাহী বাটৰুৱাই কিনি নিছে উজানত ধৰা মাছ। কম দামত যদি মাছ খাব খুজিছে আপুনিও আহক ৰঙিয়ালৈ,মাছ নিবলৈ।

লগতে আন এটা বাতৰি- ক'ত কি পৰ্যায়ত অসমৰ বান পৰিস্থিতি ?

ABOUT THE AUTHOR

...view details