অসম

assam

ETV Bharat / state

ৰঙিয়া জংচনত ৰেল বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ - ৰেল বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

ৰঙিয়াত ৰেল বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ অসম ৰেলযাত্ৰী সন্থাৰ ৷ ক’ভিডৰ পূৰ্বে চলাচল কৰা সকলো ৰেলসেৱা পুনৰ আৰম্ভ কৰাৰ আহ্বান অসম ৰেলযাত্ৰী সন্থাৰ(Resumption of pre-Covid trains) ৷

assam-rail-passengers-association-protest-at-rangia
ৰঙিয়া জংচনত ৰেল বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

By

Published : Aug 28, 2022, 9:50 PM IST

ৰঙিয়া, 28 আগষ্ট:ৰঙিয়া জংচনত দেওবাৰে অসম ৰেল যাত্ৰী সন্থাই ৰেল বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে(Assam Rail Passengers' Association protest) ৷ বন্ধ ট্ৰেইন পুনৰ আৰম্ভ কৰা, বন্ধ ষ্ট’পেজ পুনৰ আৰম্ভ কৰা, জ্যেষ্ঠ নাগৰিকৰ ৰেহাই মূল্যৰ ৰেল ভাড়া ঘূৰাই দিয়া, পেছেঞ্জাৰ ট্ৰেইন বন্ধ কৰা নীতি প্ৰত্যাহাৰ কৰা আদি বিভিন্ন দাবীত ৰঙিয়া জংচনৰ সন্মুখত শতাধিক প্ৰতিবাদকাৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

ৰঙিয়া জংচনত ৰেল বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে ৰেল বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি শীঘ্ৰে দাবীসমূহ মানি ল’বলৈ আহ্বান জনায় । অসম ৰেলযাত্ৰী সংস্থাৰ সাধাৰণ সম্পাদক দীপংকৰ শৰ্মা আৰু প্ৰাক্তন বিধায়ক অনন্ত ডেকাই আগভাগ লোৱা এই কাৰ্যসূচীত বঙাইগাঁও পেছেঞ্জাৰ, ইণ্টাৰচিটি, ৰঙিয়া পেছেঞ্জাৰ পুনৰ আৰম্ভ কৰাৰ লগতে ডাউন চিফুঙৰ সময় সলনি কৰা, বহাগী পেছেঞ্জাৰ কোকৰাঝাৰলৈ সম্প্ৰসাৰণ কৰা আদিৰো দাবী জনায় ।

তেওঁলোকে লগতে পুৱা ৮ বজাত গুৱাহাটী পোৱাকৈ সৰভোগ-নগাঁও সেৱা আৰম্ভ কৰা, NBQ-RNY-GHY Section ক suburban section হিচাপে গণ্য কৰা আদিৰ দাবী উত্থাপন কৰে । মালগাড়ীৰ জৰিয়তে কোটি কোটি টকা উপাৰ্জন কৰাৰ সমান্তৰালকৈ সাধাৰণ মানুহৰ জীৱন জীৱিকাৰ স্বাৰ্থত লোকেল ট্ৰেইনৰ সু-ব্যৱস্থা কৰিবলৈ বিভাগক আহ্বান জনায় । আনহাতে বহিঃৰাজ্যৰ জনসাধাৰণে পাই অহা সুন্দৰ ৰেল সেৱাৰ পৰা অসমবাসী কিয় বঞ্চিত হৈ আহিছে বুলি প্ৰতিবাদকাৰীসকলে প্ৰশ্ন উত্থাপন কৰে ।

লগতে পঢ়ক :লখিমপুৰত জলশক্তি মিছনৰ কেন্দ্রীয় দল

ABOUT THE AUTHOR

...view details