ৰঙিয়া, 3 আগষ্টঃ ৰঙিয়াত ধৰ্ষণ কাৰীক কঠোৰ শাস্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ ৷ অভিযুক্তৰ বাসগৃহত অগ্নি সংযোগ প্ৰতিবাদকাৰীৰ ৷
ধৰ্ষণকাৰীক কঠোৰ শাস্তিৰ দাবীত ৰঙিয়াত প্ৰতিবাদ
ৰঙিয়াৰ কনিহাত দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হয় ইহাছিন আলী নামৰ এজন যুৱকৰ বিৰুদ্ধে । দোষীক কৰায়ত্ত কৰিব নোৱাৰাৰ বাবে ক্ষুব্ধ হৈ অৱশেষত ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
এগৰাকী ছাত্ৰীক ধৰ্ষণৰ অভিযোগক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে ৰঙিয়াৰ কনিহা । উল্লেখযোগ্য যে, কনিহাৰ দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল ইহাছিন আলী নামৰ এজন যুৱকৰ বিৰুদ্ধে । উক্ত ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষী চকীত ৰুজু কৰে এটা গোচৰ ৷ কিন্তু ঘটনা সংঘটিত হোৱা ৪৮ ঘণ্টা অতিক্ৰম কৰাৰ পিছতো অভিযুক্ত ইহাছিন আলীক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই । দোষীক কৰায়ত্ত কৰিব নোৱাৰাত ক্ষুব্ধ হৈ ৰাইজে ৰঙিয়াৰ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । তাৰোপৰি উত্তেজিত ৰাইজে ধৰ্ষণকাৰী ইহাছিন আলীৰ বাসগৃহত অগ্নিসংযোগ কৰে । তাৰোপৰি আৰক্ষী প্ৰশাসন হায় হায় আদি শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদস্থলীত ৰঙিয়া আৰক্ষী বিষয়া প্ৰাঞ্জল বৰুৱা আৰু সহকাৰী উপায়ুক্ত সুৰজিৎ বৰা উপস্থিত হৈ দোষীক আটক কৰাৰ প্ৰতিশ্ৰুতি দিয়াত শান্ত হৈ পৰে প্ৰতিবাদী ৰাইজ । অতি শীঘ্ৰে অভিযুক্ত ইহাছিন আলীক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি দিবলৈ দাবী কৰিছে প্ৰতিবাদকাৰী সকলে ৷