গুৱাহাটী, ১১ মেঃ কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত স্থায়ী বাসিন্দাৰ নথি পত্ৰৰ পৰীক্ষা প্ৰশাসনৰ । ভিন্ন প্ৰান্তৰ ১১২ জন লোকৰ নথি পত্ৰ পৰীক্ষা কৰে আৰক্ষীয়ে ।
ৰাজ্যত পোন প্ৰথনবাৰৰ বাবে আৰক্ষীৰ দ্বাৰা স্থায়ী বাসিন্দাৰ নথি পৰীক্ষা - কামৰূপ
কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ অন্তৰ্গত সকলো থানাতে এনে ধৰণৰ শিবিৰ অনুষ্ঠিত হ'ব ।
বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যোগেন্দ্ৰ বৰ্মনৰ সহযোগত কামৰূপ জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়া আৰু উপ আৰক্ষী অধীক্ষক ডেইজী গগৈৰ উদ্যোগত বকো আৰক্ষী থানা চৌহদত বহু জনসমাগমৰ মাজত অনুষ্ঠিত কৰা হয় ভেৰিফিকেশ্বন মেলাৰ । বকোৰ গাওঁ ৰক্ষী বাহিনীৰ উপস্থিতিত অঞ্চলটোৰ ভিন্ন প্ৰান্তৰ ১১২ জন লোকৰ নথি পত্ৰ পৰীক্ষা কৰা হয় আৰু ফলাফল প্ৰদান কৰে । আৰক্ষী অধীক্ষক গৰাকীয়ে শুদ্ধ ৰূপৰ সত্যতাৰ প্ৰমাণ কৰে । ইফালে বকো থানাত নথি পত্ৰৰ ভেৰিফিকেশ্বন কাৰ্য্যসুচীৰ লগত সংগতি ৰাখি মুকলি ভাৱে এক্সেলকেয়াৰ চিকিৎসালয়ৰ অভিজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰা হয় । ডাইবেটিচ; ৰক্তচাপ, আদিকে ধৰি ৰোগৰ পৰীক্ষা কৰা হয় আৰু উপযুক্ত ঔষধ আৰু চিকিৎসাৰ পৰামৰ্শ প্ৰদান কৰে । আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াই কয় যে, কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ অন্তৰ্গত সকলো থানাতে এনে ধৰণৰ শিবিৰ পতা হব মন্তব্য কৰে ।
অধিক পঢ়িবলৈ-নলবাৰীত সম্পন্ন "উদ্ভাৱনা ২০১৯" শীৰ্ষক বিজ্ঞান আৰ্হিৰ প্ৰদৰ্শনী