প্ৰধানমন্ত্ৰীৰ আহ্বানক ধূলিস্যাৎ কৰি ৰাজপথলৈ ওলাই অহা একাংশ আইন অমান্যকাৰীক ৰাজ্যৰ বিভিন্ন স্থানত উত্তম মাধ্যম শোধালে আৰক্ষীয়ে ৷ দিনে-নিশাই জৰুৰীকালীন সেৱাত নিয়োজিত আৰক্ষীসকলৰ মূৰৰ কামোৰণি হৈ পৰা একাংশ লোকক নিয়ন্ত্ৰণ কৰিবলৈ এতিয়া বিভিন্ন পন্থা হাতত লৈছে অসম আৰক্ষীয়ে ৷
দৰং, 25 মাৰ্চ : দেশত কৰ'ণা ভাইৰাছৰ ভয়াৱহতালৈ প্ৰতি লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে ল’ক ডাউন ঘোষণা কৰে যদিও দৰঙত একাংশ উদণ্ড যুৱকে চৰকাৰৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই ৰাজপথলৈ ওলাই আহে ৷ জিলাখনৰ আৰক্ষীটো বাদেই দেশৰ প্ৰধানমন্ত্ৰীৰ আহ্বানকো কেৰেপ নকৰা এনে যুৱকক নাকি লগাবলৈ আৰক্ষীয়ে ৰাম পিটন দিয়া পৰিলক্ষিত হ’ল। আনকি একাংশক মাজ বাটৰ পৰা ধমক দি উভতাই পঠিয়াই আৰক্ষীয়ে। বিভিন্ন কামৰ অজুহাত দেখুৱাই ৰাজপথলৈ ওলাই অহা বুলি দুই এজনে আৰক্ষীৰ লগত তৰ্কাতৰ্কিটো লিপ্ত হয় ৷
তেজপুৰ, 25 মাৰ্চঃআনহাতে দৰঙৰ দৰে প্ৰায় অনুৰূপ পৰিৱেশ দেখিবলৈ পোৱা যায় তেজপুৰটো ৷ তলাবন্ধৰ পাছতো বিনা কাৰণত ঘৰৰ পৰা ওলাই অহা একাংশ উদণ্ড যুৱকক আঠু কঢ়াই "অ মোৰ আপোনাৰ দেশ" গাবলৈ দিয়ে তেজপুৰ আৰক্ষীয়ে। বহিঃ ৰাজ্যৰ পৰা আহি অতপালি কৰি ফুৰা দুজন যুৱকক ৰাষ্ট্ৰীয় ঘাইপথতে আঠু কঢ়াই লৈ শাস্তি প্ৰদান কৰে আৰক্ষীয়ে ।