অসম

assam

ETV Bharat / state

আৰ্তজনৰ কাষতঃ অসম পুলিচ কামাণ্ডো বেটিলিয়ন আৰু হেল্পিঙ হাৰ্ট‘ছ

লক ডাউনৰ বাবে খাদ্য সংকটত পৰা ৮০০ অভাৱী পৰিয়ালৰ মাজত বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী বিতৰণ কৰিলে বেটেলিয়নৰ জোৱানসকলে,হেল্পিঙ হাটছৰ সহযোগত ৷

By

Published : Apr 26, 2020, 3:37 PM IST

assam-police-commanda-mandakata-batilion-food-distubutaions
আৰ্তজনৰ কাষতঃ অসম পুলিচ কামাণ্ডো বেটিলিয়ন আৰু হেল্পিঙ হাৰ্ট‘ছ

কামৰূপ 26 এপ্ৰিলঃ কামৰূপ জিলাৰ মান্দাকাটাত অৱস্থিত 'অসম পুলিচ কামাণ্ডো বেটিলিয়ন‘ৰ সহায় । লক ডাউনৰ বাবে খাদ্য সংকটত পৰা ৮০০ অভাৱী পৰিয়ালৰ মাজত বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী বিতৰণ কৰিলে দেওবাৰে বেটেলিয়নৰ জোৱানসকলে ।

আৰ্তজনৰ কাষতঃ অসম পুলিচ কামাণ্ডো বেটিলিয়ন আৰু হেল্পিঙ হাৰ্ট‘ছ

গুৱাহাটীৰ হেল্পিঙ হাটছৰ সহযোগত জিলাখনৰ আৰ্তজনক খাদ্য সামগ্ৰী বিতৰণ কৰে লগতে এই কল্যাণ মূলক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে 'অসম পুলিচ কামাণ্ডো বেটিলিয়ন'ৰ কামান্ডডেন্ট ৰঞ্জন ভূঞাই ।

আৰ্তজনৰ কাষতঃ অসম পুলিচ কামাণ্ডো বেটিলিয়ন আৰু হেল্পিঙ হাৰ্ট‘ছ

লক ডাউনৰ সময়ত খাদ্য সংকটত পৰা আৰ্তজনক সহায় কৰাৰ বাবে ৰাজ্যৰ বিত্ত,স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানৰ প্ৰতি অগণন লোকে বিপুল সহাৰি জনোৱাৰ সময়তে 'অসম পুলিচ কামাণ্ডো বেটিলিয়ন'ৰ এনেদৰে আৰ্তজনৰ কাষত আহি উপস্থিত হোৱা কাৰ্যক শলাগ লৈছে স্থানীয় ৰাইজে ৷

লগতে পঢকঃ অখিল গগৈৰ মুক্তিৰ দাবীঃ এবি এমছুৰ

ABOUT THE AUTHOR

...view details