নিউজ ডেস্ক, 28 জুলাই:
- আজি দিল্লীত অনুষ্ঠিত হ’ব অসম আৰু মিজোৰামৰ মাজত বিশেষ বৈঠক
- ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশ মৰ্মে দিল্লীত উপস্থিত হৈছে দুয়োখন ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান
- কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজেই আলোচনাত ভাগ লোৱাৰ সম্ভাৱনা
- দুয়োখন ৰাজ্যৰ মাজত বিগত কিছুদিন ধৰি চলি আছিল সীমা সংঘাত
- সোমবাৰে বিয়লি ব্যাপক ৰূপ লয় এই সংঘাতে
- মিজোৰামৰ ফালৰ পৰা কৰা গুলিবৰ্ষণত নিহত হয় ছয়গৰাকী আৰক্ষীৰ লগতে এজন সাধাৰণ লোক
- এই ঘটনাত কাছাৰৰ আৰক্ষী অধীক্ষক নিম্বালকাৰ বৈভৱ চন্দ্ৰকান্ত গুৰুতৰভাৱে আহত হৈছে
- ইতিমধ্যে সংঘাত সন্দৰ্ভত দুয়োৰাজ্যৰ চৰকাৰ পক্ষই পৰস্পৰে পৰস্পৰক দোষাৰোপ কৰা পৰিলক্ষিত হৈছে
- এই সীমা সমস্যাৰ সমাধান সূত্ৰ উলিওৱাৰ বাবে দিল্লীত জৰুৰীভাৱে আহ্বান কৰা হৈছে এই বৈঠকখন