কামৰূপ, 12 এপ্ৰিলঃ ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পৰৱৰ্তী সময়ত আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাক মূহুর্তত বিভিন্ন ঠাইত উদ্ধাৰ হৈছে টকা। শুকুৰবাৰে দক্ষিণ কামৰূপৰ বঙৰাত আৰক্ষীৰ তালাচীত উদ্ধাৰ হয় লক্ষাধিক টকা ।
নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত দক্ষিণ কামৰূপৰ বঙৰা ছয়গাৱঁত উদ্ধাৰ লক্ষাধিক টকা - কামৰূপ
পলাশবাৰী চক্ৰৰ সংলগ্ন চক্ৰ বিষয়া প্ৰিয়ংকা বনীয়া আৰু পলাশবাৰী আৰক্ষী থানাৰ সহযোগত চলা এখন এল্ট' বাহনৰ পৰা উদ্ধাৰ হয় লক্ষাধিক টকা
নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত দক্ষিণ কামৰূপৰ বঙৰা ছয়গাৱঁত উদ্ধাৰ লক্ষাধিক টকা
পলাশবাৰী চক্ৰৰ সংলগ্ন চক্ৰ বিষয়া প্ৰিয়ংকা বনীয়া আৰু পলাশবাৰী আৰক্ষী থানাৰ সহযোগত চলা এই অভিযানত বিভিন্ন গাড়ীত তালাচী চলাই থকাৰ সময়তে এখন এল্ট' বাহনৰ পৰা উদ্ধাৰ হয় লক্ষাধিক টকা । AS-01BZ-4298 নম্বৰৰ এল্ট' বাহনখনে গুৱাহাটীৰ পৰা বকোলৈ যোৱাৰ সময়ত এল্ট'খনৰ পৰা নগদ 1 লাখ 73 হাজাৰ টকা উদ্ধাৰ কৰে ।
সোধপোচৰ বাবে দুজন লোকক আটক কৰি প্ৰয়োজনীয় তথ্য-পাতি জমা দিবলৈ 24 ঘন্টাৰ সময়সীমা বান্ধি দিয়ে আৰক্ষীয়ে। উল্লেখ্য যে ছয়গাৱঁতো এখন বাহনৰ পৰা 1 লাখ 24 হাজাৰ 500 টকা উদ্ধাৰ কৰে ছয়গাও আৰক্ষীয়ে।