কামৰূপ, 30 এপ্ৰিলঃ পৰ্যটনস্থলী নহয়, মহানগৰীৰ ডাম্পিং গ্ৰাউণ্ড দ্বীপৰ বিল । বেদখলৰ পাচত এইবাৰ দ্বীপৰ বিলৰ নতুন সংকট মহানগৰীৰ আৱৰ্জনা । পৰীভ্ৰমী চৰাই আৰু থলুৱা বিভিন্ন প্ৰজাতিৰ চৰাইৰ বাসস্থলী দ্বীপৰ বিল এতিয়া এই পক্ষীকুল আৰু জৈৱ-বৈচিত্ৰ্যৰ বাবেও হৈ পৰিছে অভিশাপ । কাৰণ দ্বীপৰ বিলৰ কাষত থকা ডাম্পিং গ্ৰাউণ্ড । বিলখনৰ গাতে লাগি থকা বৰাগাঁৱস্থিত গুৱাহাটী পৌৰ নিগমৰ ডাম্পিং গ্ৰাউণ্ডে এতিয়া প্ৰদূষিত কৰি তুলিছে দ্বীপৰ বিলৰ পানীৰ লগতে সমগ্ৰ অঞ্চলটো । ইতিমধ্যেই এই ডাম্পিং গ্ৰাউণ্ডত আহাৰ গ্ৰহণ কৰি কিছুদিন আগত তিনিজনী হাড়গিলা অসুস্থ হৈ পৰে । ইয়াৰে এজনী ইতিমধ্যে মৃত্যু মুখত পৰিছে ।
আৱৰ্জনা বক্ষত কঢ়িয়াই ক্ৰমাৎ বৰবিহৰূপী দীপৰ বিল - ডাম্পিং গ্ৰাউণ্ড
বেদখলকাৰীৰ কবলত পৰি অস্তিত্বৰ সংকটত ভোগিছে দীপৰ বিলৰ পক্ষীকুল আৰু মাছ কাছ ৷
![আৱৰ্জনা বক্ষত কঢ়িয়াই ক্ৰমাৎ বৰবিহৰূপী দীপৰ বিল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3146408-thumbnail-3x2-ghghgh.jpg)
আৱৰ্জনা বক্ষত কঢ়িয়াই ক্ৰমাৎ বৰবিহৰূপী দীপৰ বিল
আৱৰ্জনা বক্ষত কঢ়িয়াই ক্ৰমাৎ বৰবিহৰূপী দীপৰ বিল
উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ৰ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে ডাম্পিং গ্ৰাউণ্ডটো বাৰে বাৰে স্থানান্তৰ কৰাৰ বাবে অসম চৰকাৰক নিৰ্দেশ দি অহাৰ পিচতো বিষয়টোক লৈ সম্পূৰ্ণ উদাসীন স্বচ্ছ ভাৰতৰ শ্ল'গান দিয়া চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ ।
ইতিমধ্যে সৰ্বভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিস্থান(আইআইটি), খড়গপুৰৰ তৰফৰ পৰা বিজ্ঞানসন্মত ভাবে আৰ্বজনা নিস্কাষণ আৰু পুনৰ নৱীকৰণৰ এক প্ৰকল্প গুৱাহাটী পৌৰ সভাই গ্ৰহণ কৰিছে যদিও ইয়াৰ কাম কিমান আগবাঢ়িছে সেইয়া এতিয়াও স্পষ্ট নহয় ।