দক্ষিণ কামৰূপ, 11 অক্টোবৰ : দক্ষিণ কামৰূপৰ পলাশবাৰীত বন মাফিয়াৰ বন ধংস যজ্ঞ অভিযান । অভিযোগ অনুসৰি, নিশাৰ এন্ধাৰৰ সুযোগ লৈ বন মাফিয়াই তহিলং কৰিছে মূল্যৱান গছ। কিন্তু দেখিও নেদেখাৰ ভাও ধৰিছে বন বিভাগে ৷
বন মাফিয়াৰ দপদপনিঃ ধূতৰাষ্ট্ৰৰ ৰূপত পলাশবাৰী বন বিভাগ - মালিয়াটা পাহৰ
পলাশবাৰীত বন বিভাগৰ চকুত ধুলি দি বন মাফিয়াৰ বন ধংস যজ্ঞ অভিযান অব্যাহত ৷ নিৰৱ দৰ্শকৰ ভূমিকা পলাশবাৰী বন বিভাগৰ ৷
তথ্য অনুসৰি, পলাশবাৰী বনাঞ্চলৰ মালিয়াটা পাহাৰত চলিছে অবৈধ বন ধ্বংস কাৰ্য । নিশাৰ এন্ধাৰৰ সুযোগ লৈ বন মাফিয়াই বন বিভাগৰ চকুত ধুলি দি প্ৰায় 7 ডাল মূল্যৱান গছকটাৰ অভিযোগ উত্থাপন হৈছে । বিগত সময়ছোৱাত এই গছ সমূহ গছ কটাৰ পিচতো চকু মুদা কুলিৰ ভাওঁ ধৰিছে পলাশবাৰী বনবিভাগে । অৱশ্যে এই মূল্যৱান গছ কেইডাল কটাৰ উমান পাই বন বিভাগৰ দল উপস্থিত হয় যদিও লোক কেইজন পলাবলৈ সক্ষম হয় ৷
লগতে পঢ়ক :মালিগাঁও উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপনৰ প্ৰস্তুতিৰ বুজ ল'লে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই