অসম

assam

By

Published : May 9, 2019, 7:58 PM IST

ETV Bharat / state

বৰঝাৰ বিমানবন্দৰত জেট এয়াৰৱেজ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

উল্লেখ্য যে সমগ্ৰ ভাৰতবৰ্ষতে চৰকাৰে জেট এয়াৰৱেজ অনিৰ্দিষ্টকাললৈ ভাৱে বন্ধ কৰি থৈছে । যাৰ ফলত অন্ধকাৰ নামি পৰিছে সকলো কৰ্মচাৰীৰ পৰিয়াললৈ

বৰঝাৰ বিমানবন্দৰত জেট এয়াৰৱেজ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

কামৰূপ, 9 মেঃ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বৰ্তমানো অব্যাহত আছে জেট এয়াৰৱেজ কৰ্মচাৰীৰ প্ৰতিবাদ। বৃহস্পতিবাৰে কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল হ'ল বৰঝাৰ বিমানবন্দৰ। সমগ্ৰ ভাৰতবৰ্ষত ২৬ হাজাৰ কৰ্মচাৰীক প্ৰায় ৩ মাহ ধৰি প্ৰাপ্য দৰমহা প্ৰদান নকৰাৰ বাবেই এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে।

বৰঝাৰ বিমানবন্দৰত জেট এয়াৰৱেজ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

উল্লেখ্য যে সমগ্ৰ ভাৰতবৰ্ষতে চৰকাৰে জেট এয়াৰৱেজ অনিৰ্দিষ্টকাললৈ বন্ধ কৰি থৈছে। যাৰ ফলত অন্ধকাৰ নামি আহিছে কৰ্মচাৰী সকলৰ পৰিয়াল সমূহলৈ। এতিয়া দিগ-বিদি্ক হেৰুৱাই পেলাইছে কৰ্মচাৰীসকলৰ পৰিয়ালৰ লোকসকলে। চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে কৰ্মচাৰী সকলে ৷ ইয়াৰোপৰি বিমান বন্দৰৰ পৰা ভি আই পি ৰোডলৈ এক প্ৰতিবাদী সমদলো উলিয়াই প্ৰতিবাদকাৰীসকলে ৷

ABOUT THE AUTHOR

...view details