গুৱাহাটী,12 এপ্ৰিলঃ তীৰ্থনগৰী উত্তৰ গুৱাহাটীৰ ইতিহাস পুৰাণ প্ৰসিদ্ধ অশ্বক্লান্ত দেৱালয়ত পূৰ্বৰ দৰে এইবেলিও পালন কৰিছে অশোকাষ্টমী। শুকুৰবাৰে পুৱা 10.30 বজাৰ পৰা কাইলৈ পুৱা 8.24 বজালৈ চলিব অশোকাষ্টমীৰ বৈদিক পৰম্পৰা।
পুৰাণ প্ৰসিদ্ধ অশ্বক্লান্ত দেৱালয়ত অশোকাষ্টমী উদযাপন - অশ্বক্লান্ত দেৱালয়
শুকুৰবাৰে পুৱা 10.30 বজাৰ পৰা কাইলৈ পুৱা 8.24 বজালৈ চলিব অশোকাষ্টমীৰ বৈদিক পৰম্পৰা সেয়ে উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ত পালন কৰিছে অশোকাষ্টমী
![পুৰাণ প্ৰসিদ্ধ অশ্বক্লান্ত দেৱালয়ত অশোকাষ্টমী উদযাপন](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2982231-thumbnail-3x2-ash.jpg)
উত্তৰ গুৱাহাটীৰ পুৰাণ প্ৰসিদ্ধ অশ্বক্লান্ত দেৱালয়ত অশোকাষ্টমী উদযাপন
উত্তৰ গুৱাহাটীৰ পুৰাণ প্ৰসিদ্ধ অশ্বক্লান্ত দেৱালয়ত অশোকাষ্টমী উদযাপন
হিন্দু ধৰ্মাৱলম্বী লোকসকলে এটা পৱিত্ৰ দিন হিচাপে গণ্য কৰা এই অশোকাষ্টমী উপলক্ষে প্ৰতিবাৰৰ সমান্তৰালকৈ 50 হাজাৰৰো অধিক ভক্তৰ সমাগম হোৱাৰ আশা দেৱালয় সমিতিৰ। ভক্তসকলৰ বিশ্বাস দ্বিতীয় গয়াৰূপে খ্যাত অশ্বক্লান্ত দেৱালয়ত অশোকাষ্টমীৰ দিনটোত মৃতকৰ কৃতকৰ্ম তথা অস্থি দান কৰিলে মৃতকৰ আত্মাই চিৰশান্তি লাভ কৰে। এনে বিশ্বাসৰ বাবেই অশোকাষ্টমীৰ দিনটোত হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে উত্তৰ গুৱাহাটীৰ পুৰাণ প্ৰসিদ্ধ অশ্বক্লান্ত দেৱালয়লৈ।