ছয়গাঁও, 10 আগষ্ট : কৰ'ণা মহামাৰীৰ বাবে ঘোষণা কৰা লক ডাউনৰ ফলত সৰ্বত্ৰে জুৰুলা হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ ৷ বিশেষকৈ খাটিখোৱা লোক সকলৰ অৱস্থা আৰু অধিক শোচনীয় হৈ পৰিছে ৷ কৰ'ণা মহামাৰীৰ ফলত একাংশ লোকৰ অবস্থা একেবাৰে শোচনীয় হৈ পৰাৰ সময়তে তিনিবাৰকৈ অহা বানপানীয়ে সৰ্বস্বান্ত কৰিছে ৰাজ্যবাসীক ৷
ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে কামৰূপ জিলাৰ দক্ষিণ কামৰূপ অঞ্চলতো বানপানীয়ে তাণ্ডৱ সষ্টি কৰিছে ৷ পলাশবাৰী সমষ্টিৰ বৰটাৰী গাঁৱৰ কল খেতিয়ক সকলৰ লহপহকৈ বাঢ়ি অহা কল সমূহ বানপানীত একেবাৰে নষ্ট হোৱা পৰিলক্ষিত হৈছে ৷
উল্লেখযোগ্য যে, বৰটাৰী গাঁৱৰ শ শ কৃষকে ব্ৰহ্মপুত্ৰৰ চাপৰিত কেইবা হাজাৰ বিঘা মাটিত মালভোগ কলৰ খেতি কৰি এক কৃষি বিপ্লৱৰ সূচনা কৰিছিল ৷ এই কল ব্যবসায়ৰ জৰিয়তে বহু নিৱনুৱা যুৱকে সংস্থাপন লাভ কৰাৰ লগতে পৰিয়ালৰ ভোৰণ-পোষণৰ দায়িত্ব গ্ৰহণ কৰি আহিছিল ৷ কিন্ত শেহতীয়াকৈ হোৱা ব্ৰহ্মপুত্ৰৰ তিনিটা বাঢ়নী পানীত কল গছবোৰ বুৰ যোৱাত কল গছবোৰ মৰহি যাবলৈ ধৰিছে ৷