অসম

assam

ETV Bharat / state

খোৱা-পানীৰ বাবে হাহাকাৰ বানাক্ৰান্তৰ - গুৱাহাটী

পানীখাইতি অঞ্চলত প্ৰায় 250 ঘৰ পৰিয়ালৰ খোৱাপানীৰ একমাত্ৰ সাৰথি আছিল এটা কুঁৱা ৷ কিন্তু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কুঁৱাটো বুৰাই পেলোৱাত তীব্ৰ সমস্যাই দেখা দিছে বানাক্ৰান্ত সকলৰ মাজত ৷ যাৰ বাবে এটুপি খোৱা পানী বিচাৰি হাহাকাৰ কৰিব লগা হৈছে বানাক্ৰান্ত সকলে ৷

খোৱা পানীৰ বাবে হাহাকাৰ বানাক্ৰান্তৰ

By

Published : Jul 16, 2019, 10:16 PM IST

গুৱাহাটী, ১৬ জুলাইঃ গুৱাহাটীৰ পানীখাইটিত ভয়ংকৰ বান পৰিস্থিতি । এটুপি খোৱা পানীৰ বাবে হাহাকাৰ বানাক্ৰান্ত ৰাইজৰ ।

নেৰা-নেপেৰা বৰষুণৰ ফলত সমগ্ৰ ৰাজ্যখনত ভয়ংকৰ বান । বিধ্বস্ত সাধাৰণ জনজীৱন । ঘৰ-দুৱাৰ, পশুধনৰ লগতে হাজাৰ হাজাৰ কৃষি ভূমি এতিয়াও পানীত তলত । থাকিবলৈ নাই ঘৰ, নাই খাদ্য সামগ্ৰী আনকি এটুপি খোৱা পানীৰ বাবে হাহাকাৰ বানাক্ৰান্ত সকলৰ মাজত। গুৱাহাটীৰ পানীখাইটিতো একেই পৰিস্থিতি । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ডুবাই পেলাইছে সমগ্ৰ পানীখাইটি ।

খোৱা পানীৰ বাবে হাহাকাৰ বানাক্ৰান্তৰ
উল্লেখ্য যে, পানীখাইতি অঞ্চলত প্ৰায় 250 ঘৰ পৰিয়ালৰ খোৱাপানীৰ একমাত্ৰ সাৰথি আছিল এটা কুঁৱা ৷ কিন্তু সেই কুঁৱাটো বানত বুৰ যোৱাত তীব্ৰ সমস্যাই দেখা দিছে বানাক্ৰান্তলোৰ সকলৰ ৷ যাৰ বাবে এটুপি খোৱা পানী বিচাৰি হাহাকাৰ কৰিব লগা হৈছে বানাক্ৰান্ত লোক সকলে ৷ অতি শীঘ্ৰে বানাক্ৰান্ত লোক সকলে চৰকাৰ তথা প্ৰশাসনক খাদ্য সামগ্ৰীৰ লগতে খোৱাপানী যোগান ধৰিবলৈ আহ্বান জনাইছে ।

আৰু পঢ়ক - পলাশবাৰীত ব্ৰহ্মপুত্ৰৰ বিভীষিকা

ABOUT THE AUTHOR

...view details