অসম

assam

By

Published : Jun 15, 2022, 8:58 PM IST

ETV Bharat / state

ৰুষ্ট প্ৰকৃতি: প্ৰাকৃতিক দুৰ্যোগত বিধ্বস্ত ৰাজ্য

জলবায়ু পৰিৱৰ্তনৰ বাবে অসমে ভয়াৱহ দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হৈছে (Assam faces severe disaster due to climate change)। ৰাজ্য়ত ভূমিস্খলনে লৈছে ভয়াৱহ ৰূপ । সমান্তৰালকৈ গুৱাহাটী মহানগৰীত কৃত্রিম বানে লৈছে ভয়ংকৰ ৰূপ । বান- ভূমিস্খলনে ৰাজ্যৰ কেইবাখনো জিলাক কৰিছে তচ-নচ ।

State devastated by natural disaster
প্ৰকৃতিৰ ৰোষত বিধ্বস্ত ৰাজ্য2

গুৱাহাটী,১৫ জুন: জলবায়ু পৰিৱৰ্তনৰ বাবে ৰাজ্যখনে ভয়াৱহ দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হৈছে (Assam faces severe disaster due to climate change)। ইতিমধ্য়ে বান-খহনীয়াৰ লগতে ভূমিস্খলনে ভয়াৱহ ৰূপ লৈছে । সমান্তৰাল ভাৱে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত শেহতীয়াকৈ কৃত্রিম বানৰ বাবে সৃষ্টি হোৱ ভয়ংকৰ পৰিস্থিতিৰ ফলত ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে । আনহাতে, ডিমা হাছাও জিলাত হোৱা প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ সমান্তৰালকৈ ইতিমধ্যে বানে ৰাজ্যৰ কেইবাখনো জিলাক তচনচ কৰিছে ।

প্ৰকৃতিৰ ৰোষত বিধ্বস্ত ৰাজ্য3

ইপিনে,জলবায়ু পৰিৱৰ্তনক লৈ উদ্বিগ্ন ভাৰত চৰকাৰৰ পৰিৱেশ বন তথা জলবায়ু পৰিৱৰ্তন মন্ত্রালয়েও ইতিমধ্য়ে সতৰ্ক হৈছে । উল্লেখ্য় যে কেন্দ্ৰীয় চৰকাৰৰ এই মন্ত্ৰালয়ৰ নিৰ্দেশত ৰাজ্য চৰকাৰে ২০১৫ চনতে ‘অসম ৰাজ্যিক জলবায়ু পৰিৱৰ্তন কার্য পৰিকল্পনা’ প্রস্তুত কৰি চৰকাৰীভাৱে গ্ৰহণ কৰিছে । তথাপি হ্রস্বম্যাদী কার্যসমূহকে ব্যৱস্থাপনা সমিতিখনে কাৰ্যকৰী কৰিব পৰা নাই ।

প্ৰকৃতিৰ ৰোষত বিধ্বস্ত ৰাজ্য

বন আৰু পৰিৱেশ বিভাগৰ তথ্য মতে ,ৰাজ্যিক জলবায়ু পৰিৱৰ্তন কার্য পৰিকল্পনা অনুযায়ী বিভিন্ন বিভাগে ল'বলগীয়া ব্যৱস্থাসমূহৰ মাজত সমন্বয় ৰক্ষা কৰি পৰিকল্পনাক কাৰ্যকৰী কৰিবলৈ ২০১৮ চনতে সেই সময়ৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত ‘অসম জলবায়ু পৰিৱৰ্তন ব্যৱস্থাপনা সমিতি’খন গঠন কৰা হৈছিল ।

প্ৰকৃতিৰ ৰোষত বিধ্বস্ত ৰাজ্য4

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিভাগৰ আৰ্থিক সহযোগত জলবায়ু পৰিৱৰ্তন কোষ আৰু অসম জলবায়ু পৰিৱৰ্তনৰ ব্যৱস্থাপনা সমিতিয়ে অসমৰ বতৰৰ সংবেদনশীলতাৰ জিলা ভিত্তিক মূল্যায়ন কৰি কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগক প্রতিবেদনো দাখিল কৰিছে । তদিুপৰি জলবায়ু পৰিৱৰ্তন ব্যৱস্থাপনা সমিতিয়ে মাজুলীক কাৰ্বনমুক্ত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল ।

প্ৰকৃতিৰ ৰোষত বিধ্বস্ত ৰাজ্য6

আনহাতে, জলবায়ু পৰিৱৰ্তনক লৈ চৰকাৰ উদ্বিগ্ন যদিও ইয়াৰ ফলত হ'ব পৰা সম্ভাৱ্য দুৰ্যোগৰ বাবে আগতীয়া ব্যৱস্থা বা প্রস্তুতি গ্রহণত ৰাজ্য চৰকাৰ ব্যৰ্থ হৈছে । ফলত ডিমা হাছাও জিলাত সৃষ্টি হোৱা পৰিস্থিতিৰ পূৰ্বাভাস বা সতর্কতা নোপোৱাৰ বাবে জিলাখনৰ ৰাইজে দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হোৱাৰো অভিযোগ উত্থাপিত হৈছিল ।

প্ৰকৃতিৰ ৰোষত বিধ্বস্ত ৰাজ্য

ইতিমদ্ধে জনসাধাৰণক সচেতন কৰাৰ লগতে তেওঁলোকক ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ জলবায়ু পৰিৱৰ্তন ব্যৱস্থাপনা সমিতিয়ে ৰাজ্যৰ কৃষি, জলবায়ু ক্ষেত্রসমূহৰ লগতে শিক্ষাৰ্থীসকলৰ মাজত কর্মশালা, সজাগতা অভিযান চলাইছে । জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ প্ৰশমনৰ বাবে প্রায় ২৪ হাজাৰ হেক্টৰ মাটিত যুটীয়া বন ব্যৱস্থাপনা কমিটীয়ে গছপুলি ৰোপণ কৰিছে যদিও সেই গছৰ প্ৰতিপালন নোহোৱাত মৰহি গৈছে । বন আৰু পৰিৱেশ বিভাগৰ তথ্য মতে, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে জলবায়ু পৰিৱৰ্তনৰ লগত ফেৰ মাৰিব পৰাকৈ কেতবোৰ ব্যৱস্থা লৈছে যদিও এইবোৰ কাৰ্যকৰী নোহোৱাৰ অভিযোগ উঠিছে ।

প্ৰকৃতিৰ ৰোষত বিধ্বস্ত ৰাজ্য

ইপিনে, ব্যক্তিগত যান-বাহনৰ সংখ্যা হ্রাস কৰাৰ উদ্দেশ্য ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ উন্নীতকৰণৰ আঁচনি গ্ৰহণ কৰা হৈছে । তথাপি ৰাজ্যত ৰাজহুৱা পৰিবহণ ব্যৱস্থা সুচল হোৱা নাই । বিদ্যুৎ চালিত যান-বাহনত গুৰুত্ব আৰোপ কৰা হৈছে যদিও যান-বাহনৰ প্ৰতি জনসাধাৰণ আকৰ্ষিত হোৱা নাই । পাহাৰৰ মাটিৰ খনন প্ৰতিৰোধৰ বাবে চেষ্টা কৰা হৈছে যদিও বাস্তৱত অপৰিকল্পিতভাৱে খনন হৈয়ে আছে । তদুপৰি ঘৰুৱা ৰন্ধন কার্যত খৰি, খেৰ, শুকান গোবৰ, কয়লা আদিৰ ব্যৱহাৰ কমাবলৈ ৰন্ধন গেছ ব্যৱহাৰত গুৰুত্ব দিয়া হৈছে । কিন্তু এইবোৰ যেন প্ৰহসনহে হৈছে ।

প্ৰকৃতিৰ ৰোষত বিধ্বস্ত ৰাজ্য1

বায়ু পৰিৱৰ্তনৰ প্ৰভাৱ প্ৰশমনৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰৰ ফাইলত এই ব্যৱস্থাসমূহৰ কথা উল্লেখ আছে যদিও বাস্তৱত কাৰ্যকৰী হোৱা নাই । ফলত জলবায়ু পৰিৱৰ্তনত অৰিহনা যোগোৱাত প্ৰকৃতি ৰুষ্ট হোৱাৰ আন এক কাৰক হিচাপে চিহ্নিত হৈছে । যাৰ পৰিণাম ভোগ কৰিবলগীয়া হৈছে ৰাজ্যবাসীয়ে ।

লগতে পঢ়ক:ঘাতক জোঁৱাই ! ডেগাৰেৰে হানি-খুচি হত্যা কৰিলে শহুৰেকক

ABOUT THE AUTHOR

...view details