বাইহাটা, 20 জানুৱাৰী :আমিনগাঁৱত নৱৰূপত স্বয়ম আঁচনি শুভাৰম্ভণি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ উক্ত অনুষ্ঠানত অসমৰ যুবক-যুৱতী সকলে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ যুবক-যুৱতী হিচাপে প্ৰমাণ কৰিব লাগিব বুলি মন্তব্য প্ৰদান মুখ্যমন্ত্ৰীৰ ৷ ইফালে, কংগ্ৰেছ আৰু এ আই ই ডি এফৰ মিত্ৰতাই বিজেপিক একো ক্ষতি নকৰে বুলিও মন্তব্য প্ৰদান ।
পৃথিৱীৰ হেজাৰ শক্তি একত্ৰিত হলেও মন জয় কৰিব নোৱাৰে অসমৰ ৰাইজৰ । অসমৰ সৰ্বস্তৰৰ ৰাইজে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হোৱাটো মনে প্ৰাণে কামনা কৰিছে । সেয়ে এতিয়া কংগ্ৰেছ এ আই ই ডি এফৰ মিত্ৰতাই তিলমানো ক্ষতি কৰিব নোৱাৰে বিজেপি চৰকাৰক ।
বুধবাৰে কামৰূপ জিলাৰ আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বাৰ্মা ক্ষেত্ৰত অনুষ্ঠিত স্বয়ম আঁচনিৰ শুভাৰম্ভণি কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰে এই মন্তব্য । লগতে, মুখ্যমন্ত্ৰী গৰাকীয়ে বদৰুদ্দিন আজমলে বিজেপি চৰকাৰে ৰাজ্যৰ মছজিদ ভাঙি পেলাব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বিজেপি চৰকাৰৰ দিনতে বেছি সুৰক্ষিত আছে অসমৰ জনসাধাৰন । সকলো জাতি, ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে সমদৃষ্টিৰে চোৱা কাম কৰিছে বিজেপি চৰকাৰে ।
লগতে পঢ়ক :গোলাঘাটত নিজ প্ৰাপ্যৰ দাবীত আশাকৰ্মীৰ প্ৰতিবাদ
নৱৰূপত স্বয়ম শীৰ্ষক স্বামী বিবেকানন্দ যুৱ সৱলীকৰন যোজনা আঁচনিৰ শুভ উদ্বোধনী কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, প্ৰতিযোগিতাৰ পৃথিবীত অসমৰ যুৱক-যুৱতী সকলে প্ৰমাণ কৰিব লাগিব অসমৰ যুবক-যুৱতী ভাৰতৰ সৰ্বশ্ৰেষ্ঠ যুবক-যুৱতী । কামৰূপ আৰু মহানগৰ জিলাৰ বাবে আনুষ্ঠানিকভাৱে স্বয়ম আঁচনিৰ উদ্বোধন কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, অসমৰ শিক্ষিত যুৱক-যুৱতীৰে গঠিত আত্মসহায়ক গোট সমূহে চৰকাৰে হাতত লোৱা এই স্বয়ম আঁচনিৰ জৰিয়তে প্ৰতি গৰাকী গোটৰ সদস্যই ৫০ হাজাৰকৈ ধন লাভ কৰিব ।
এক হাজাৰ কোটি টকা ব্যয়ত গ্ৰহণ কৰা স্বয়ম আঁচনিৰ জৰিয়তে 2 লাখ 50 হাজাৰ যুৱশক্তিয়ে বৰ্তমান সুবিধা লাভ কৰিব যদিও এই আঁচনি শীঘ্ৰে আৰু অধিক হিতাধিকাৰীলৈ সম্প্ৰসাৰণ হ'ব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে । উক্ত অনুষ্ঠানতে হিতাধিকাৰী আত্মসহায়ক গোট সমূহলৈ আনুষ্ঠানিকভাৱে অনুমোদন পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ যুবক-যুৱতী সকলে অধিক পৰিশ্ৰমেৰে অসমৰ দক্ষিণ পূব এচিয়াৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিব লাগিব বুলিও মত প্ৰকাশ কৰে ।