অসম

assam

ETV Bharat / state

পানী যোগানৰ নামত কি চলিছে ছয়গাঁৱত? - পানীযোগান

দুবছৰে অঞ্চলবাসী বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত । শীঘ্ৰে পানীযোগান কেন্দ্ৰটো কাৰ্যক্ষম কৰি তুলি পানীযোগান নিয়মীয়া কৰিবলৈ দাবী জনাইছে জনস্বাস্থ্য কাৰিকৰী বিভাগক ।

দুবছৰে বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত দগাঁৱৰ ৰাইজ

By

Published : May 21, 2019, 10:38 PM IST

কামৰূপ, ২১ মে' : কামৰূপ জিলাৰ ছয়গাঁৱৰ নিকটৱৰ্তী দগাঁও কটহী পানীযোগান কেন্দ্ৰটোৰ বৰ্তমান মৃতপ্ৰায় অৱস্থা । বিগত প্ৰায় দুবছৰে অঞ্চলবাসী বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত ।

উল্লেখযোগ্য যে কটহী পানীযোগান কেন্দ্ৰটোৰ পৰা দুই শতাধিক পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগান ধৰিছিল যদিও বিগত প্ৰায় দুবছৰে অঞ্চলবাসী বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে ৷ জানিবপৰামতে ২০১৭ চনৰ বানৰ সময়ত কেন্দ্ৰটোৰ টেংকীটো এঢলীয়াকৈ তললৈ বহি যোৱাৰ লগতে অধিকসংখ্যক পাইপলাইন আৰু টেপ ভাগি যায় ৷ আৰু তেতিয়াৰে পৰা পানীযোগান বন্ধ হৈ পৰে অঞ্চলটোত ৷ শেহতীয়াকৈ ছমাহমান পূৰ্বে পাইপলাইন মেৰামতি কৰাৰ লগতে ভাগি যোৱা টেপকেইটাও বহুৱাইছিল ৷ কিন্তু এতিয়াও একাংশ পাইপ ফাটি থকাৰ লগতে বিদ্যুত যোগানৰ অসুবিধাৰ বাবে পানীযোগান বন্ধ হৈ পৰে ৷ শীঘ্ৰে পানীযোগান কেন্দ্ৰটো কাৰ্যক্ষম কৰি তুলি পানীযোগান নিয়মীয়া কৰিবলৈ দাবী জনাইছে জনস্বাস্থ্য কাৰিকৰী বিভাগক ।

দুবছৰে বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত দগাঁৱৰ ৰাইজ

ABOUT THE AUTHOR

...view details